নিয়মীয়া বাৰ্তা ১৩ মেঃ ক’ভিডে অনা পৰিৱেশত চিত্রগৃহসমূহ বন্ধ হৈ পৰিছে আৰু ছবি ৰিলিজ কৰাৰ বাবে ইণ্টাৰনেটযোগে বিভিন্ন সাধনৰ আৱির্ভাৱে ছবিজগতখন গতিশীল কৰি ৰখাৰ চেষ্টা চলাইছে৷ এনে সময়তে উৎপল দত্তৰ বহু আলোচিত ছবি ‘বহুবৃত্ত’ ভার্চুৱেল চিত্রগৃহযোগে মুক্তিৰ বাবে সাজু হৈছে৷ কলকতাৰ পৰা ব্যৱস্থাপনা কৰা ‘মাই চিনেমাহল’ নামৰ ইণ্টাৰনেট ছবিগৃহত অহা ১৪ মে’ শুকুৰবাৰে ছবিখন মুক্তি দিয়া হ’ব আৰু এই চিত্রগৃহত মুক্তি লাভ কৰা এইখনেই প্রথম অসমীয়া ছবি হ’ব৷
ইতিমধ্যে আন কেইবাখনো চুটি আৰু অসমীয়া কাহিনী চিত্রই এই প্রেক্ষাগৃহত মুক্তিলাভৰ ক্ষণ গনিছে৷ চুটি ছবিৰ বাণিজ্যিক সম্ভাৱনা তেনেই ক্ষীণ আছিল যদিও ইণ্টাৰনেটৰ বহুল ব্যৱহাৰে কিছু সম্ভাৱনা কঢ়িয়াই আনিছে আৰু এই পৰিৱেশত ‘মাইচিনেমাহল’–এ আশাৰ ছবি এখন কঢ়িয়াই আনিছে৷ এই সংগঠনৰ মুখ্য প্রশাসনীয় বিষয়া যাত্রিক চক্রৱর্তীয়ে জনোৱা মতে, উত্তৰ–পূব ভাৰতৰ চুটি আৰু ফিচাৰ ফিল্মৰ বাবে এই ‘মাই চিনেমাহল’–এ বিশেষ সুবিধা আগবঢ়াব৷
গোৱাত অনুষ্ঠিত ইণ্ডিয়া ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ (২০১৯) ইণ্ডিয়ান পেন’ৰামাত প্রদর্শন হোৱাৰ পিছতেই ছবিখনে বিশ্বৰ ৰসিক মহলৰ দৃষ্টি আকর্ষণ কৰে আৰু ছবিখনৰ জয়যাত্রা আৰম্ভ হয়৷ স্বপ্ণা দত্ত ডেকাৰ কবিতাৰ আলমত নির্মাণ কৰা এই ছবিখনৰ মূল চৰিত্র দুটিত অভিনয় কৰিছিল উদয়ন দুৱৰা আৰু প্রণামী বৰাই৷ চিত্রগ্রহন আছিল নগেন বৈশ্যৰ৷ ছবিখন সম্পাদনা কৰিছিল ভাৰতৰ প্রসিদ্ধ চিত্র সম্পাদক অসীম সিনহাই আৰু সংগীত পৰিচালনা কৰিছিল অমৃত প্রীতমে৷ তেওঁ ছবিখনৰ শব্দ সম্পাদনাৰ কামো কৰিছে৷