নামৰূপ পৌৰসভাত দুটা ই ভি এম বিকল

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিল : আজি পুৱা সাত বজাৰ পৰা লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয়। ৯১নং নাহৰকটীয়া বিধানসভা সমষ্টিত ১৫৪১৬২জন ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য । সমষ্টিটোত পুৰুষ ভোটাৰ ৭৬০৪৪গৰাকী আৰু মহিলা ভোটাৰ ৭৮১১৭গৰাকী। সমষ্টিটোত মুঠ ভোটকেন্দ্ৰ ১৯১টা। আৰম্ভণিতে নামৰূপ পৌৰসভাৰ অন্তৰ্গত ১৭৮ আৰু ১২৯ নং ভোটকেন্দ্ৰত ক্ৰমে এঘণ্টা আৰু ৪৫ মিনিট সময় ই ভি এম বিকল হোৱা বাবে ভোটদান প্ৰক্ৰিয়া পলমকৈ আৰম্ভ হয়। পুৱাৰ ভাগত কেন্দ্ৰসমূহত ভোটাৰৰ উপস্থিতি সেৰেঙা পৰিলক্ষিত হয়।

প্ৰেৰক স্মৃতি কলিতা

Featured