নিয়মীয়া বাৰ্তাৰ দুই সাংবাদিকক উদ্দেশ্যপ্ৰণোদিত ভাৱে আক্ৰমণৰ লক্ষ্য স্বয়ম্ভু প্ৰাঞ্জল ভৰালিৰ

  • ঘটনাক লৈ প্ৰতিক্ৰিয়া ,আইনৰ কাষ চপাৰ ইংগিত যুৱ সাংবাদিক সন্থা,অসমৰ

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চ: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ একাংশ জাতীয় দল সংগঠনৰ লগতে হিন্দুত্ববাদী সংগঠনক নাকী ল’গাবলৈ চান্দা সংস্কৃতি বন্ধ কৰাৰ পিছতে অসমৰ একাংশ জাতীয় সংগঠন আৰু হিন্দুত্ববাদী সংগঠনৰ নেতাই এতিয়া যেন প্ৰভাৱগোষ্ঠী সংগঠনৰ পৰা নিশাটোৰ ভিতৰতে বৰণ সলাবলৈ আৰম্ভ কৰিছে ৷ হকে বিহকে নিউজ চেনেলৰ নামাকৰণেৰে ফেচবুক পেইজ খুলি একপ্ৰকাৰে এতিয়া সন্ত্ৰাস সৃষ্টি কৰাৰ লগতে মূল সুঁতিৰ সাংবাদিক সকলৰ কামত ব্যাঘাত জন্মোৱাৰ লগতে ধন ঘটাৰ এক মাধ্যম হিচাপে সাংবাদিকতা ক্ষেত্ৰখন ব্যৱহাৰ কৰিছে । দিনক দিনে অসমত কাঠফুলাৰ দৰে ইমানেই  ফেচবুক পেইজৰ চেনেল সৃষ্টি হৈছে যে সংবাদ মেল এখনত চেনেলৰ বুম থ’বলৈকে ঠাই নোহোৱা এক পৰিস্থিতিৰ সূচনা হৈছে ৷ এনে কিছুমান ফেচবুক পেইজৰ সাংবাদিকৰ বাবেই ছপা মাধ্যমৰ সাংবাদিক সকলে কেতিয়াবা ৩০/৪০মিটাৰ দূৰত বহি সংবাদ মেলখনৰ বাতৰি সংগ্ৰহ কৰিব লগা অৱস্থাৰো সৃষ্টি হয় ৷ কাঠফুলাৰ দৰে বৃদ্ধি পোৱা এই ফেচবুক পেইজ চেনেল সমূহত নিজকে বিয়াগোম সাংবাদিকৰ দৰে আচৰণ কৰা এনে কিছুমান পূৰ্বতে প্ৰভাৱগোষ্ঠী সংগঠনৰ নেতাই সম্পাদক বা সাংবাদিক হিচাপে কৰ্মৰত যে তেঁওলোকৰ ইতিহাস খুঁচৰিলেও বহু অভিযোগত জড়িত ৷

উল্লেখৰ আৱশ্যক যে ,পূৰ্বতে বজৰং দলৰ পৰা বহিস্কৃত হোৱা তদুপৰি ৰক্তবাহিনী নামৰ এটা বিতৰ্কিত সংগঠন খুলি কেইবাজনো সদস্য ৰঙা ঘৰৰ আলহী হ’ব লগীয়া হোৱা গহপুৰৰ স্বয়ম্ভু হিন্দুত্ববাদী সংগঠনৰ নেতা প্ৰাঞ্জল ভৰালি ওৰফে গাপ্পৰ সিং নামৰ এজন হিন্দত্ববাদী সংগঠনৰ নেতাই এটা ফেচবুক চেনেল খুলি নিজৰ লগতে তেখেতৰ সাংগো পাংগো সকলৰ  সান্দহ খোৱা বালি তল যোৱাৰ বাবেই নিয়মীয়া বাৰ্তা কাকতৰ দুগৰাকী সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি ফেচবুক পেইজ চেনেলটোত   বিভিন্ন মনে সজা বাতৰি পৰিৱেশনকৰিছে।

জানিব পৰামতে যোৰহাট বৰহোলা নগাবাটৰ নিয়মীয়া বাৰ্তা কাকতৰ সাংবাদিক তথা যুৱ সাংবাদিক সন্থা,অসমৰ সাংগঠনিক সম্পাদক অজয় শইকীয়াৰ বিৰুদ্ধে NE24 Prime News নামৰ ফেচবুক চেনেলটোত একোটা বাতৰি সম্প্ৰচাৰ কৰিছিল  ৷ য’ত অজয় শইকীয়াৰ ওপৰত বৰ্তমানে উত্থাপিত হোৱা অভিযোগৰ লগত সেই ঘটনাৰ লগত কোনো ৰজিতা নথকা এটা ঘটনাকে মোবাইলত সম্পাদনা কৰি বাতৰিটো প্ৰচাৰ কৰিছিল তদুপৰি অজয় শইকীয়াই ধন লোৱা বুলি  দুটা পক্ষই ফোনত পতা কথা  ফোন ৰেকৰ্ডিং বাতৰিটোত প্ৰচাৰ কৰিছিল যদিও সেই ৰেকৰ্ডিংটোত অজয় শইকীয়াৰ কোনো কণ্ঠ শুনিবলৈ পোৱা নাযায় । অজয় শইকীয়াৰ বিৰুদ্ধে এই মনে সজা বাতৰি পৰিৱেশন কৰাৰ পিছতে অজয় শইকীয়াই স্বয়ম্ভু নেতা প্ৰাঞ্জল ভৰালিৰ বিৰুদ্ধে দুখনকৈ গোচৰো প্ৰদান কৰিছে।

ইফালে যুৱ সাংবাদিক সন্থা,অসমৰ সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোহাঁইয়ে স্বয়ম্ভু ফেচবুক পেইজৰ সম্পাদক প্ৰাঞ্জল ভৰালিলৈ ফোন কৰি কিহৰ ভিত্তিত অজয় শইকীয়াৰ বিৰুদ্ধে  মনে সজা  বাতৰিটো সম্প্ৰচাৰ কৰিলে এই সন্দৰ্ভত ফোন কৰি সোধাৰ বাবেই  প্ৰাঞ্জল ভৰালি নামৰ স্বয়ম্ভু বিৰ্তকিত  ফেচবুক পেইজ চেনেলৰ  সম্পাদকজনে যুৱ সাংবাদিক সন্থা,অসমৰ সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোহাঁইক ভেৰোণীয়া গুণ্ডা আখ্যা দি পুনৰ একোটা বাতৰি সম্প্ৰচাৰ কৰিছে ৷ যিটো বাতৰিত কাঞ্চনজ্যোতি গোহাঁই প্ৰাঞ্জল ভৰালিক দম বা ভাবুকি দিয়াৰ কোনো তথ্য নাই।

এই সন্দৰ্ভত যুৱ সাংবাদিক সন্থা,অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোহাঁইয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে –প্ৰাঞ্জল ভৰালিৰ লগত কেইবাৰ আৰু কি কথা বতৰা চলিছিল সম্পূৰ্ণ ফোন ৰেকৰ্ডিং মজুত আছে ,য’ত কোনো ধৰণৰ ভয় ভাবুকি বা অশ্ৰাব্য গালি গালাজ পৰা হোৱা নাই । তদুপৰি ফেচবুক পেইজ চেনেলৰ স্বয়ম্ভু সম্পাদক জনক অজয় শইকীয়াৰ বিৰুদ্ধে সম্প্ৰচাৰ কৰা বাতৰিটোও ডিলিট কৰিবলৈ ভয় ভাবুকি লগতে অনুৰোধ কৰা হোৱা নাই ৷ তেনে চৰ্তত স্বয়ম্ভু ফেচবুক চেনেলৰ সম্পাদক জনে কি উদ্দেশ্য অযথা আক্ৰমণৰ লক্ষ্য কৰি লৈ যু্ৱ সাংবাদিক সন্থা,অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জনক ভেৰোণীয়া গুণ্ডা আখ্যা দি বাতৰি ফেচবুক চেনেলত বাতৰি কৰিছে তাকে লৈ এতিয়া প্ৰাঞ্জল ভৰালিৰ বিৰুদ্ধে যুৱ সাংবাদিক সন্থা,অসমে আইনৰ কাষ চাপিব বুলি জানিবলৈ দিছে ৷