নাহৰকটীয়াত কবিতাৰ কৰ্মশালা সম্পন্ন

বিশেষ বাৰ্তা, ২৯ আগষ্ট : সদৌ অসম কবি সন্মিলনে প্ৰতিষ্ঠা লগ্নৰে পৰা কবিতাৰ সংবৰ্দ্ধন, শ্ৰীবৃদ্ধি, নতুন কবি আৰু কবিতাৰ সৃষ্টিৰ দিশত মনোযোগ দি আহিছে। সেই উদ্দেশ্যেৰে আৰু কাব্যশিল্পক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ প্ৰয়াসেৰে “ডিব্ৰুগড় জিলাৰ কবি সন্মিলনৰ অন্তৰ্ভুক্ত নাহৰকটীয়া অংকুৰণ কাব্য চৰ্চা কেন্দ্ৰই কালি কাব্যজিজ্ঞাসা” নামৰ এক কবিতাৰ কৰ্মশালাৰ আয়োজন কৰে। বিশিষ্ট কবি বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই সমল ব্যক্তি ৰূপে উপস্থিত থকা কৰ্মশালা খনত অঞ্চলটোৰ শিক্ষানুষ্ঠানসমূহৰ ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীৰ লগতে নাহৰকটীয়া শাখা লেখিকা সংস্থা, কবিতাৰ অনুৰাগী কেইবাখনো বিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰে। প্ৰশিক্ষণ কালত বিশিষ্ট কবি গৰাকীয়ে কবিতাৰ লিখন, ধাৰণাৰ ওপৰত আলোকপাত কৰাৰ লগতে কবিতা লিখাৰ সমান্তৰালকৈ অন্য কবিৰ কবিতা পঢ়িব লাগিব আৰু অনুশীলন কৰিব লাগিব বুলি তাৎপৰ্য্যপূৰ্ণ বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে অংকুৰণ কাব্য চৰ্চা কেন্দ্ৰৰ সভাপতি মেঘালী দত্ত শইকীয়াই সভাপতিত্ব কৰা আৰু সম্পাদক ভাস্কৰ গগৈয়ে উদ্দেশ্য বাখ্যা কৰা তথা ডিব্ৰুগড় জিলা কবি সন্মিলনৰ বৰ্তমানৰ সভাপতি পৱিত্ৰ গগৈ, বিশিষ্ট কবি, “কাব্যভূষণ” বঁটাপ্ৰাপক, উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ভোজপুৰী ভাষাৰ লেখক বিষ্ণু কমল ডেকা উপস্থিত থকা অনুষ্ঠানটো বেণু তন্তবাইৰ গীতেৰে জীপাল কৰি তোলাৰ লগতে সামৰণি পেলোৱা হয় কাব্যমন্ত্ৰ পাঠেৰে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

Featured