নিয়মীয়া বাৰ্তা ১৯ ছেপ্টেম্বৰঃ চলিত বর্ষত কেইবাটাও প্রলয়ংকৰী বানে বিধ্বস্ত কৰা খেতি পথাৰত এইবাৰ শূঁৰ আৰু চৰহা পোকে চলোৱা উপদ্রৱত ত্রাহি মধুসূদন সুঁৱৰিবলগীয়া হৈছে কৃষকে৷ উজনিৰ পৰা নামনিলৈ বিভিন্ন স্থানত শ শ বিঘা কৃষিভূমিত শূঁৰ আৰু চৰহা পোকে কৰা আক্রমণত নষ্ট হৈছে ধান৷ বানপানীৰ পাছত কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে পুনৰ ধানখেতি কৰিছিল খেতিয়কে৷ লহপহকৈ বাঢ়ি অহা খেতিপথাৰত শূঁৰ আৰু চৰহা পোকে কৰা ভয়াৱহ আক্রমণত বিঘা বিঘা ভূমিৰ ধান নষ্ট হোৱাৰ উপক্রম হোৱাত মূৰে–কপালে হাত দিবলগীয়া হৈছে ৰাজ্যৰ কৃষকসকল৷ ইয়াৰ বিপৰীতে শূঁৰ আৰু চৰহা পোকৰ উপদ্রৱ নিয়ন্ত্রণ কৰিবলৈ এতিয়াও ব্যৱস্থা গ্রহণ কৰা নাই কৃষি বিভাগে৷ বিভাগীয় মন্ত্রী অতুল বৰা দলীয় ৰাজনীতিত ব্যস্ত হৈ থকাৰ সময়ত কৃষকসকলক বিপদত পেলোৱা শূঁৰ আৰু চৰহা পোকৰ উপদ্রৱ ৰোধ কৰিবলৈ কোনো সু–পৰিকল্পিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই বিয়াগোম বিভাগটোৱে৷ বিষয়া–কর্মচাৰীৰে গিজগিজাই থকা কৃষি বিভাগে আহৰি পোৱা নাই ক্ষতিগ্রস্ত কৃষকসকলৰ খবৰ ল’বলৈ৷ যাৰ পৰিপ্রেক্ষিতত একাংশ খেতিয়কে ভৰসা কৰিছে ভগৱানৰ ওপৰত৷ কাজিৰঙাত মন্ত্রীৰ উদাসীনতাত উপায়হীন হৈ পৰা খেতিয়কে কৃষিপথাৰত নাম–প্রসংগ কৰি নেদেখাজনৰ ওচৰত শূঁৰ পোকৰ উপদ্রৱ নাইকিয়া কৰাৰ প্রার্থনা জনাইছে৷ ইয়াৰ উপৰি ৰাজ্যৰ ভিন্ন প্রান্তত কৃষকসকলে শূঁৰ আৰু চৰহা পোকৰ আক্রমণ প্রতিহত কৰিবলৈ নিজাববীয়াকৈ গ্রহণ কৰিছে উদ্যোগ৷ বহু কৃষকে বজাৰৰ পৰা কীটনাশক ঔষধ কিনি আনি খেতিপথাৰত ছটিওৱাৰ ব্যৱস্থা কৰাৰ লগতে প্রাকৃতিকভাৱে শূঁৰ আৰু চৰহা পোক নাশ কৰিবলৈ লৈছে পদক্ষেপ৷ একাংশ স্থানত কৃষি বিভাগৰ কোনো কোনো বিষয়া উপস্থিত হৈছে যদিও কেৱল পৰামর্শ দিয়েই সামৰিছে দায়িত্ব৷ যাৰ বাবে উপায়হীন হৈ পৰিছে ৰাজ্যৰ কৃষক জনতা৷ বহু স্থানত বাঢ়নী পানীয়ে কৃষিপথাৰ সমূলঞ্চে নষ্ট কৰাৰ পাছত অত্যধিক দৰত কঠীয়া ক্রয় কৰি আনি খেতি কৰিছিল কৃষকসকলে৷ ক’ভিডৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ মাজত পৰিয়ালটোক পোহপাল দিয়াৰ শেষ ভৰসা হিচাপে কৃষকসকলে কৰা খেতিও নষ্ট হোৱাৰ উপক্রম ঘটাত মূৰ–কপালে হাত দিবলগীয়া হৈছে৷ স্বাভাৱিকতেই প্রশ্ণ হৈছে কেতিয়া সাৰ পাব বিয়াগোম কৃষি বিভাগে৷ প্রাপ্ত তথ্য অনুসৰি গোলাঘাট জিলাত শূঁৰ পোকৰ উপদ্রৱত ক্ষতিগ্রস্ত হৈছে ৫০০ বিঘাৰ শস্যভূমি৷ গোলাঘাটৰ দৰিয়াজানৰ এলেংদৰা পথাৰত ২০০ বিঘা, ৰহধলা পথাৰত ১০০ বিঘা, বোকাখাতত ২০০ বিঘা কৃষিভূমিত শূঁৰ পোকৰ উপদ্রৱ পৰিলক্ষিত হৈছে৷
ডিমৌত চৰহা পোকৰ উপদ্রৱ
ডিমৌ ৰাজহ চক্রৰ অন্তর্গত নিতাইপুখুৰী, পানীদিহিং আৰু থাওৰা মৌজাৰ শ শ বিঘা কৃষিভূমিত উপদ্রৱ কৰিছে চৰহা পোকে৷ তিনিটা মৌজাৰ শ শ কৃষিপথাৰত চৰহা পোকৰ আক্রমণৰ বাবে বগা পৰি জ্বলি গৈছে ধানৰ খেতি৷ ডিমৌ কৃষি বিভাগৰ কার্যালয়ৰ পৰা নিতাইপুখুৰী মৌজত কৃষি বিষয়াসকল উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে যদিও আন মৌজাসমূহৰ কৃষিপথাৰত আজিলৈ উপস্থিত হোৱা নাই কোনো বিষয়া–কর্মচাৰী৷ ফলত নিজৰ গাঁঠিৰ ধন ভাঙি কৃষকসকলে ঔষধ ছটিওৱাৰ ব্যৱস্থা কৰিবলগীয়া হৈছে৷
বোকাজানত শ শ বিঘা কৃষিভূমি বিনষ্ট
প্রলয়ংকৰী বানে বিনষ্ট কৰা খেতিপথাৰত শূঁৰ পোকে কৰা আক্রমণত দিশহাৰা হৈ পৰিছে বোকাজানৰ খেতিয়কসকল৷ বোকাজান মহকুমাৰ অন্তর্গত ৰাঞ্চীগাঁও, বাঘজান, মাজগাঁও, নেপেৰপট্টিকে ধৰি বহু অঞ্চলত শূঁৰ পোকৰ উপদ্রৱত শ শ বিঘা কৃষিভূমি নষ্ট হৈছে৷ অঞ্চলটোৰ প্রায় ৬০ৰ পৰা ৭০ হেক্টৰ ভূমিত শূঁৰ পোকে ধান কুটি নষ্ট কৰাত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে স্থানীয় খেতিয়কসকল৷ কিছুদিন পূর্বে হোৱা মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বাঢ়নী পানীৰ সৈতে উটি অহা শূঁৰ পোকৰ জাকে নিশাৰ ভাগতে বহু হেক্টৰ কৃষিভূমি একপ্রকাৰ নষ্ট কৰি পেলায়৷ স্থানীয় কৃষকসকলে নিজেই বিভিন্ন কীটনাশক ঔষধ পথাৰত ছটিয়াইছে যদিও সুফল পোৱা নাই বুলি জানিব পৰা গৈছে৷ দুগৰাকী কৃষি বিভাগৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ খেতিয়কসকলক কেৰাচিন, মালাথিয়ানডাছ, ছেভেনডাছ আদি ছটিয়াবলৈ পৰামর্শ দিছে৷ শীঘ্রে কৃষি বিভাগৰ পৰা কীটনাশক ঔষধ বিতৰণ কৰা হ’ব বুলি আশ্বাস প্রদান কৰিয়েই দায়িত্ব সামৰিলে বিষয়াকেইজনে৷
চৰাইদেউ জিলাত শূঁৰ পোকৰ সন্ত্রাস
চৰাইদেউ জিলাৰ বৃহত্তৰ অঞ্চলৰ কৃষিভূমি শূঁৰ পোকে উপদ্রৱ চলোৱাত ব্যাপক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে কৃষকসকল৷ জিলাখনৰ কৃষি বিভাগৰ ফালৰ পৰা কোনোধৰণৰ সহযোগিতা লাভ নকৰাত উপায়হীন হৈ পৰিছে অঞ্চলটোৰ কৃষকসকল৷ নিজাববীয়াকৈ কীটনাশক দৰব, স্প্রে মেচিন আদি ক্রয় কৰি পথাৰত হাতে–কামে নামি পৰিছে অঞ্চলটোৰ কৃষকসকল৷ জিলাখনৰ অন্তর্গত মাহমৰা সমষ্টিত শূঁৰ পোকৰ উপদ্রৱত সর্বাধিক ক্ষতিগ্রস্ত হৈছে খেতিপথাৰ৷ সমষ্টিটোৰ দবা, কাকতিবাৰী, টিমন, দিপলিং, মাহমৰা আদি অঞ্চলত শূঁৰ পোকৰ সন্ত্রাসত মূৰে–কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে৷ তদুপৰি সোণাৰি সমষ্টিৰ ভজো, টীয়ক, ৰজাবাৰী, সাপেখাতী আদি অঞ্চলতো উপদ্রৱ চলিছে শূঁৰ পোকৰ৷