ঊল গুঁঠিব জানানে… বঙাইগাঁৱৰ জিমিয়ে ঊলেৰে গুঁঠিলে জুবিনৰ প্ৰতিচ্ছবি

নিয়মীয়া বাৰ্তা, ১৪ মেঃ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ এখন প্ৰতিচ্ছৱি ঊলেৰে গাঁথি প্ৰস্তুত কৰিছে বঙাইগাঁৱৰ বিদ্যাপুৰৰ জিমি দেৱীয়ে। অঞ্চলটোৰ নলডোবা গাঁৱৰ হিষুৰাম বৰ্মন আৰু উপমা বৰ্মনৰ একমাত্ৰ জীয়াৰী জিমি দেৱীয়ে ২০ দিনীয়া নেৰানেপেৰা চেষ্টাৰ ফলত সম্পূৰ্ণ কৰিছে জুবিনৰ প্ৰতিচ্ছৱি। আজি জিলাখনৰ বৰ্ষণগাঁৱত অনুষ্ঠিত হ’ব লগা জুবিনৰ সংগীতানুষ্ঠানত নিজ হাতেৰে জিমি দেৱীয়ে নিজ হাতেৰে শিল্পীগৰাকীক উপহাৰ দিবলৈ আশা কৰিছে। বিগত পাঁচ বহাগত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰো এখনি প্ৰতিচ্ছবি ঊলেৰে গুঁঠি মুখ্যমন্ত্ৰীগৰাকীক প্ৰদান কৰিছিল জিমিয়ে। জিমিয়ে ইতিমধ্যে মনালিছা, ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ঊলেৰে গুঁঠি বনাইছে। জিমিৰ এনে শিল্প প্ৰতিভাক স্থানীয় ৰাইজে ভূয়সী প্ৰশংশা কৰিছে।
প্ৰেৰক ৰুবুল কান্তি দাস

Featured