ভোট দিলে জুবিনে; বিহুক লৈ কিমান সাজু জুবিন? বিহুত জুবিনৰ প্ৰথমটো অনুষ্ঠান ক’ত?

নিয়মীয়া বাৰ্তা , ৬ এপ্ৰিলঃ “এইবাৰ ৰাজনৈতিক দল বহুত বেছি। যাৰ বাবে কোন জিকিব সেয়া কোৱাটো কঠিন। কিন্তু ৰাইজে খুব সুন্দৰকৈ ভোট দিবলৈ উলাই আহিছে। যাৰ বাবে ৰাইজক ধন্যবাদ।”- আজি কাহিলীপাৰা এল.পি. স্কুলত ভোটাধিকাৰ সাব্যস্ত কৰি এই মন্তব্য যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ।

ইপিনে ‘কা’ৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ স্থিতি সদায় একে আছে বুলি মন্তব্য কৰি তেওঁ কয় যে ‘কা’ৰ বিপক্ষে আমি মাত মাতিছিলোঁ আৰু সদায়ে মাত মাতি যাম।

আনহাতে চৰকাৰে ৰাইজৰ সমস্যাসমূহ পূৰণ নকৰিলে সদায়ে মাত মাতিব কণ্ঠশিল্পীগৰাকীয়ে। লগতে জুবিন গাৰ্গে কয় যে যি দলেই চৰকাৰ গঠন নকৰক কিয়, নতুন চৰকাৰক লৈ তেওঁ সদায় আশাবাদী।

উল্লেখ্য যে বিহুৰ অনুষ্ঠানক লৈ সাজু জুবিন গাৰ্গ। এইবাৰ ২০ ৰ পৰা ২৫ খন বিহুৰ সংগীতানুষ্ঠান কৰাৰ কথা প্ৰকাশ কৰে তেওঁ। লগতে পূৰ্বৰ দৰে এইবাৰো খাৰঘুলিতেই বছৰটোৰ সংগীতানুষ্ঠান তথা বিহুৰ অনুষ্ঠানৰ আৰম্ভ কৰিব বুলি হাৰ্টথ্ৰৱ জুবিনে কয়।