ফেচবুকৰ প্রতিষ্ঠাপক মার্ক জুকাৰবার্গ আৰু এপলৰ মুখ্য কার্যবাহী বিষয়া টিম কুকৰ দৰে বিখ্যাত ব্যক্তিসকলে নিজৰ নিৰাপত্তাৰ বাবে পানীৰ দৰে ব্যয় কৰে ধন৷ ব্লুমবার্গৰ এক প্রতিবেদনত প্রকাশ পোৱা মতে, ফেচবুকে ২০১৩ চনৰ পৰা ২০১৫ চনলৈ জুকাৰবার্গৰ নিৰাপত্তাৰ বাবে ১.২৫ কোটি ডলাৰ অর্থাৎ ভাৰতীয় টকাৰ হিচাপত ৮২ কোটি টকা খৰচ কৰে৷ এমাজন, এপল আৰু অৰেকল আদিৰ দৰে কোম্পানীৰ শীর্ষ বিষয়াৰ বাবে এনেদৰেই নিৰাপত্তাৰ নামত পানীৰ দৰে ধন খৰচ কৰে৷
ফেচবুকে জুকাৰবার্গৰ নিৰাপত্তাৰ বাবে ব্যয় কৰে ২৮ কোটি টকাঃ নিৰাপত্তাৰ বাবে বিশ্বৰ সর্বাধিক ধন খৰচ কৰা লোকজনেই হ’ল মার্ক জুকাৰবার্গ৷ কোম্পানীয়ে আমেৰিকাৰ প্রশাসনক দিয়া তথ্যত প্রকাশ পাইছে যে ২০১৫ চনলৈ জুকাৰবার্গৰ নিৰাপত্তাৰ বাবে ২৮ কোটি টকা খৰচ কৰে৷ উক্ত তথ্য মতে, ২০১৩ চনত জুকাৰবার্গৰ নিৰাপত্তাৰ বাবে ৫৬ লাখ ডলাৰ আৰু ২০১৪ চনত খৰচ কৰে ২৬ লাখ ডলাৰ৷ এই তিনিওটা বর্ষৰ ধন মিলাই জুকাৰবার্গৰ নিৰাপত্তাৰ বাবে খৰচ হয় ৮২ কোটি টকা৷
এমাজনৰ মুখ্য কার্যবাহী বিষয়াজনৰ নিৰাপত্তাৰ বাবে খৰচ হয় ১০ কোটি টকাঃ নিৰাপত্তাৰ বাবে ধন খৰচ কৰা তালিকাত দ্বিতীয় স্থানত আছে এমাজনৰ মুখ্য কার্যবাহী বিষয়াজনৰ নাম৷ বিশ্ব বিখ্যাত ই–কমার্চ কোম্পানী এমাজনে ২০১৫ চনত মুখ্য কার্যবাহী বিষয়াজনৰ বাবে খৰচ কৰে ১০ কোটি টকা৷
অ’ৰেকলৰ লেৰি এলছনৰ বাবে খৰচ হয় ৯ কোটি টকাঃ বিগত বর্ষত যিবোৰ কোম্পানীয়ে তেওঁলোকৰ প্রধান বিষয়াসকলৰ নিৰাপত্তাৰ বাবে সর্বধিক ধন খৰচ কৰে, সেই তালিকাত আছে অ’ৰেকলৰ৷ কোম্পানীয়ে লেৰী এলছনৰ নিৰাপত্তাৰ বাবে ২০১৫ চনত খৰচ কৰে ৯ কোটি টকা৷ ২০১৫ চনলৈ তেওঁৰ সম্পত্তিৰ পৰিমাণ হ’ল ৪,৯০০ কোটি ডলাৰ৷
বৰেন বফেৰ নিৰাপত্তাৰ বাবে খৰচ হয় ২ কোটি টকাঃ ফাইনেন্সিয়েল কোম্পানী ৱার্কশ্বায়াৰ হেথৱে বৰিন বফেৰ নিৰাপত্তাৰ বাবে ২০১৫ চনত খৰচ কৰে ২ কোটি টকা৷
এপলৰ টিম কুকৰ বাবে খৰচ হয় ১.৩ কোটি টকাঃ বিশ্বৰ প্রতিষ্ঠিত কোম্পানীসমূহৰ ভিতৰত এটা হ’ল এপল৷ কোম্পানীয়ে তেওঁলোকৰ প্রধান বিষয়াৰ নিৰাপত্তাৰ খাতিৰত ২০১৫ চনত খৰচ কৰে ১.৩ কোটি টকা৷