এন আৰ এল-বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ মাজত চুক্তি

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ নুমলীগড় শোধনাগাৰ লিমিটেড (এন আৰ এল) আৰু ডাঃ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউট (বি বি চি আই) গুৱাহাটীৰ মাজত এখন চুক্তি সম্পন্ন হৈছে । এই চুক্তি এনুসৰি ২ কোটি টকা ব্যয় সাপেক্ষে বি বি চি আইত এটা শিশু অন’কোল’জী ৱাৰ্ড স্থাপনৰ যো-জা কৰা হৈছে । বি বি চি আইৰ সঞ্চালক ডাঃ এ চি কাকতী আৰু এন আৰ এলৰ জেষ্ঠ চি জি এম (এছ আৰ এণ্ড লীগেল) ডি চৌধুৰীৰ লগতে দুয়োপক্ষৰ জ্যেষ্ঠ প্ৰতিনিধিসকলৰ উপস্থিতিত এন আৰ এলৰ কৰ্প’ৰেট কাৰ্যালয়ত এই চুক্তিত স্বাক্ষৰ কৰা হয় । এই শিশু অন’কোল’জী ৱাৰ্ডত ১৫ খন বিছনাযুক্ত আই চি ইউ, ১০ খন বিছনাযুক্ত ডে কেয়াৰ কেম’থেৰাপী ইউনিট আৰু এক ৰিক্ৰিয়েচনেল থাকিব ।

b baruah cancer hospital guwahatiNRL