বন্ধ হ’ব পাৰে আপোনাৰো ATM কাৰ্ড !

নিউজ ডেস্ক,১৮ নৱেম্বৰঃ ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকৰ বাবে এক দুখবৰ । ইটোৰ পাচত সিটোকৈ বন্ধ কৰি দিয়া হৈছে গ্ৰাহকৰ এটিএম । ইতিমধ্যে এই লৈ গ্ৰাহক সকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ আতংক । দুষ্কৃতিকাৰীয়ে একাংশ এটিএম হেক কৰাৰ তথ্য আহি পৰাৰ পাচতেই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিছে ভাৰতীয় ষ্টেট বেংকে । ইতিমধ্যে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ ভাৰতীয় ষ্টেট বেংকৰ ৬০০০ ৰো অধিক গ্ৰাহকৰ এটিএম কাৰ্ড বন্ধ কৰি দিছে বেংক কৰ্তৃপক্ষই । উল্লেখ্য যে, গ্ৰাহকৰ সুৰক্ষাৰ কথা ভাবি গ্ৰহণ কৰা এই সিদ্ধান্তই তৎকালীনভাৱে গ্ৰাহকসকলক শংকিত কৰি তোলাও দেখা গৈছে ।

Featured