১৪ ৰাজ্যলৈ ৰাজহ ঘাটি অনুদান ৭,১৮৩.৪২ কোটি মুকলি কেন্দ্রৰঃ অসমলৈ ৪০৭.৫ কোটি টকা

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰ:  পঞ্চদশ বিত্তীয় আয়োগৰ অনুমোদনসাপেক্ষ ৰাজহ ঘাটি অনুদান ১৪ ৰাজ্যলৈ ৭,১৮৩.৪২ কোটি টকা মুকলি কৰি দিছে কেন্দ্রীয় চৰকাৰে৷ চলিত বিত্তীয় বর্ষটোৰ ষষ্ঠ মাহিলি কিস্তি ছেপ্টেম্বৰ মাহৰ ৰাজহ ঘাটি অনুদান ৭,১৮৩.৪২ কোটি টকা কেন্দ্রীয় বিত্ত মন্ত্রালয়ে ১৪ ৰাজ্যলৈ মুকলি কৰি দিয়া বুলি বিবৃতিত প্রকাশ কৰিছে৷ ছেপ্টেম্বৰ মাহৰ এই মুকলি কৰি দিয়া ধনৰ ভিতৰত অসমলৈ ৪০৭.৫০ কোটি টকা দিয়া হৈছে৷ ইয়াকে লৈ চলিত ২০২২–২৩ বর্ষত অসমে ৰাজহ ঘাটিৰ ধন লাভ কৰিলে ২,৪৪৫ কোটি টকা৷ অসমৰ উপৰি অন্ধ্রপ্রদেশে ষষ্ঠ কিস্তিৰ ধন ৮৭৯.০৪  কোটি টকা, হিমাচল প্রদেশে ৭৮১.৪২ কোটি, কেৰালা ১,০৯৭.৮৩ কোটি, মণিপুৰ ১৯২.৫০ কোটি, মেঘালয় ৮৬.০৮ কোটি, মিজোৰাম ১৩৪.৫৮ কোটি, নাগালেণ্ড ৩৭৭.৫০ কোটি, পঞ্জাব ৬৮৯.৫০ কোটি, ৰাজস্থান ৪০৫.১৭ কোটি, ছিকিম ৩৬.৬৭ কোটি, ত্রিপুৰা ৩৬৮.৫৮ কোটি, উত্তৰাখণ্ড ৫৯৪.৭৫ কোটি আৰু পশ্চিমবংগলৈ ১,১৩২.২৫ কোটি টকা মুকলি কৰি দিয়া হৈছে৷

উল্লেখ্য যে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে চলিত বর্ষটোত ৰাজ্যসমূহলৈ মুঠ ৰাজহ ঘাটিৰ অনুদান ৪৩,১০০.৫০ কোটি টকা মুকলি কৰি দিছে৷ ২০২২–২৩ বর্ষটোত ৰাজ্যসমূহে মুঠ ৰাজহ ঘাটি অনুদান লাভ কৰিব ৮৬,২০১ কোটি টকা৷

Featured