২০২০-২১ বৰ্ষৰ বাজেট দাখিল, কি কি নতুনত্ব আছে বাজেটত?

GST বলবৎ বিজেপি চৰকাৰৰ ঐতিহাসিক সংস্কাৰঃ সীতাৰমন

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ

সংসদত বিত্তমন্ত্ৰীৰ বাজেট ভাষণ

  • বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে ২০২০-২১বৰ্ষৰ বাজেট
  • ভাষণৰ আৰম্ভণিতে অৰুণ জেটলীক সুঁৱৰিলে নিৰ্মলা সীতাৰমনে
  • GST বলবৎ বিজেপি চৰকাৰৰ ঐতিহাসিক সংস্কাৰ
  • লাহে লাহে স্থিৰতা আহিছে GSTত
  • GSTৰ দ্ৱাৰা ইনস্পেক্টৰ ৰাজ সমাপ্ত কৰা হৈছে
  • GST-এ ঘৰুৱা বাজেটৰ ৪% লাঘৱ কৰিছে
  • দেশৰ ঋণ হ্ৰাস কৰাত সফল হৈছে দেশ
  • দেশৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰা হৈছে
  • দ্ৰুতগতিত আগবঢ়াই নিয়া হৈছে দেশৰ অৰ্থব্যৱস্থাক
  • ২৮৪বিলিয়ন বিদেশী বিনিয়োগ হৈছে দেশত

  • ৬০লাখ নতুন কৰদাতাৰ সংযোজন হৈছে
  • দেশৰ অৰ্থব্যৱস্থাৰ ভেঁটি মজবুটঃ সীতাৰমণ
  • বিশ্বৰ ৫ম বৃহত্তৰ অৰ্থনৈতিক ৰাষ্ট্ৰ ভাৰত
  • বাজেটত গাঁও, কৃষি আৰু  দৰিদ্ৰসকলৰ ওপৰত গুৰুত্ব দিয়া হৈছে

বাজেটত কৃষকৰ বাবে কি কি আছে?

কৃষিখণ্ডৰ বাবে ২.৮৩ লাখ কোটি টকা

  • ২০২২ৰ ভিতৰত কৃষকৰ আয় দূগুণৰ লক্ষ্য
  • ৬.১১কোটি কৃষকৰ বাবে কৃষি বীমা ব্যৱস্থা
  • কৃষিক্ষেত্ৰত সংযোজন ঘটিব মাৰ্কেটিং ব্যৱস্থাৰ
  • পশুপালন, মীনপালনত অধিক গুৰুত্ব দিয়া হৈছে
  • প্ৰধানমন্ত্ৰীৰ কৃষক যোজনাত লাভান্বিত হৈছে
  • কৃষিক্ষেত্ৰত ১৬তৰপীয়া এক্সনপ্লেন লোৱা হৈছে
  • ২০লাখ কৃষকৰ বাবে ছ’লাৰ পানী পাস্পৰ ব্যৱস্থা
  • কৃষকৰ বাবে থাকিব কিষাণ ৰে’ল
  • মাছ-মাংস-গাখীৰৰ বাবে কিষাণ ৰে’ল

  • COLD STORAGE থাকিব এই ৰে’লত
  • কুসুম আঁচনিৰ জৰিয়তে কৃষকলৈ সৌৰশক্তিৰ পাম্প
  • ২০২০-২১লৈ ১৫লাখ কোটি কৃষি ঋণৰ লক্ষ্য
  • ‘সাগৰ মিত্ৰ’ যোজনাৰ দ্বাৰা মীন পালনত গুৰুত্ব
  • ২০২২লৈ ২০০লাখ টন মাছ উৎপাদনৰ লক্ষ্য
  • ২০২৫লৈ গাখীৰৰ উৎপাদন দুগুণ কৰাৰ লক্ষ্য

শিক্ষাখণ্ডৰ বাবে বাজেটত কি?

শিক্ষাখণ্ডৰ বাবে ৯৯,৩০০কোটি টকা

  • অতি শীঘ্ৰেই দেশত প্ৰৱৰ্তন হ’ব নতুন শিক্ষা নীতি
  • উচ্চ শিক্ষাত অধিক গুৰুত্ব প্ৰদান
  • ৰাষ্ট্ৰীয় ফৰেণছিক বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱ
  • শিক্ষাক্ষেত্ৰলৈ আহিব বিদেশী বিনিয়োগ

  • সৰস্বতী সিন্ধু বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱ বাজেটত
  • আৰ্টিফিছিয়েল ইণ্টেলিজেঞ্চৰ ব্যৱহাৰ কৰা হ’ব
  • কৌশল বিকাশৰ বাবে ৩হাজাৰ কোটি টকাৰ প্ৰস্তাৱ
  • ১৫০খন নতুন ডিপ্লমা কলেজৰ প্ৰস্তাৱ
  • পিছপৰা শিক্ষাৰ্থীৰ বাবে অনলাইন পাঠ্যক্ৰম
  • ৰাষ্ট্ৰীয় আৰক্ষী বিশ্ৱবিদ্যালয় স্থাপন কৰা হ’ব

    • বেটী বচাও, বেটী পঢ়াওৰ সফলতা
    • বিদ্যালয়ত ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা বেছি
    • অংগনবাড়ীৰ দ্বাৰা ১০কোটি লোক উপকৃত হৈছে

  • আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ১০০লাখ কোটি
  • ষ্টাৰ্টআপৰ বাবে ডিজিটেল প্লেটফৰ্ম
  • দেশৰ ইণ্টাৰনেট সেৱালৈ হাজাৰ কোটি
  • লাখ গাঁৱলৈ ইণ্টাৰনেট সেৱা
  • যোগাযোগ ক্ষেত্ৰলৈ ১.৭কোটি টকা
  • শক্তিখণ্ডৰ বাবে ২৭ হাজাৰ কোটি টকা

স্বাস্থ্য খণ্ডত কি কি নতুনত্ব?

  • স্বাস্থ্যখণ্ডলৈ ৬৯ হাজাৰ কোটি টকা ঘোষণা
  • ৬,৪০০ কোটি টকা আয়ুস্মান ভাৰত আঁচনিলৈ
  • পুষ্টিকৰ খাদ্য আঁচনিলৈ ৩৫,৬০০কোটি টকা ধাৰ্য
  • PPP মডেলৰ জৰিয়তে স্থাপন কৰা হ’ব হাস্পতাল
  • অধিক চিকিৎসক সৃষ্টি কৰাৰ লক্ষ্য
  • মিছন ইন্দ্ৰধনু প্ৰসাৰত গুৰুত্ব দিয়া হৈছে বাজেটত
  • ২০২৫লৈ যক্ষ্মামুক্ত হ’ব ভাৰত
  • আয়ুস্মান ভাৰতৰ অধীনত ১০০খন জিলাত নতুন হাস্পতাল
  • আয়ুস্মান ভাৰত আঁচনিৰ দ্বাৰা ১০ কোটি লোকলৈ স্বাস্থ্য বীমা

২০২২ত ভাৰতত হ’ব G-20 সন্মিলন

  • G-20সন্মিলনৰ বাবে ১০০কোটি ধাৰ্য
  • জম্মু-কাশ্মীৰ আৰু লাডাখৰ বাবে বিশেষ পুঁজি
  • জম্মু-কাশ্মীৰৰ বাবে ৩০,৭৫৭ টকা ধাৰ্য
  • লাডাখৰ বাবে ৫,৯০০কোটি টকা ধাৰ্য

পৰ্যটন খণ্ডৰ বাবে ২৫০০কোটি টকা

  • ২০২০-২১ লৈ GDP ১০% বৃদ্ধিৰ আশা
  • ৩.৮% বিত্তীয় ঘাটিৰ আশংকা
  • চৰকাৰী ব্যয় সৰ্বাধিক হাৰত বৃদ্ধি
  • LIC২৩খন বীমা আঁচনি বন্ধ কৰিব চৰকাৰে
  • LICৰ অংশদাৰিত্বও বিক্ৰী কৰিব চৰকাৰে

বাজেটত অসমৰ বাবে সুখবৰ

  • শিৱসাগৰত দেশৰ ভিতৰতে ঐতিহাসিক স্থান হিচাপে গঢ়ি তোলা হ’ব
  • শিৱসাগৰৰ সকলো কৃতি চিহ্নৰ বিকাশৰ সিদ্ধান্ত বাজেটত

আয়কৰক লৈ চৰকাৰৰ নতুন পদক্ষেপ

  • বছৰি লাখ টকালৈকে নাথাকিব আয়কৰ
  • লাখৰ পৰা ৭.৫ লাখলৈ ১০% আয়কৰ
  • ৭.৫০ লাখৰ পৰা ১০ লাখলৈ ১৫% আয়কৰ
  • ১০ লাখ পৰা ১২.৫ লাখলৈ ২০% কৰ
  • ১২.৫ লাখৰ পৰা ১৫লাখলৈ ২৫% কৰ

  • সকলো কৰদাতাক প্ৰদান কৰা হ’ব  সুৰক্ষা
  • ইয়াৰ বাবে প্ৰণয়ন কৰা হ’ব আইন
  • কৰফাঁকি দিয়া সকলৰ প্ৰতি কঠোৰ হ’ব  চৰকাৰ

ডাঙৰ চহৰত বিশুদ্ধ বায়ুৰ বাবে ৪৪০০ কোটি টকা ধাৰ্য

জলসংকটত ভোগা ১০০খন জিলাৰ বাবে নতুন আঁচনি

  • কোম্পানী আইন সংশোধন কৰা হ’ব
  • চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া সংশোধন কৰা হ’ব
  • টেজছৰ দৰে দ্ৰুতৰে’লৰ সম্প্ৰসাৰণ
  • ২৭ হাজাৰ কিলমিটাৰ ৰে’ল পথৰ বৈদ্যুতিকৰণ
  • দিল্লী আৰু মুম্বাইৰ মাজত হ’ব এক্সপ্ৰেছ হাইৱে’
  • দেশৰ ১০০খন বিমানবন্দৰ উন্নয়নৰ লক্ষ্য

 

বাজেট
Comments (0)
Add Comment