৪০০ টকাৰ ভিতৰত জিঅ উত্তম নে এয়াৰটেল অথবা ভডা

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ বৰ্তমান সময়ত টেলিকম কোম্পানী সমূহে পেক সমূহৰ নিৰিখ সমূহ বৃদ্ধি কৰাৰ ফলত গ্ৰাহক সকলে অধিক মূল্যত ক্ৰয় কৰিবলৈ বাধ্য হৈছে। সম্প্ৰতি সময়ত গ্ৰাহক সকলৰ মাজত ৪০০ টকাৰ ভিতৰত থকা পেক সমূহ অধিক জনপ্ৰিয় হৈছে। এই পেক সমূহত অধিক ডেটা দিয়াৰ লগতে পেক সমূহৰ বৈধতা দীৰ্ঘ সময়ৰ বাবে প্ৰদান কৰিছে।

ৰিলায়েন্স জিঅ ৰ ৩২৯ ৰ পেকঃ এই পেকত গ্ৰাহক সকলে ৮৪ দিনৰ বৈধতা থকাপৰ উপৰিও ৬ জিবি ডেটা লাভ কৰিব। লগকে গ্ৰাহক সকলে যিকোনো জিঅৰ গ্ৰাহকক বিনামূলীয়াকৈ কল কৰিব পাৰিব আৰু আন নেটৱৰ্কলৈ জিঅ গ্ৰাহক সকলে ৩০০০ মিনিট সময় বিনামূলীয়াকৈ লাভ কৰিব। লগতে ১০০০ মেছেজ প্ৰেৰণ কৰাৰ উপৰিও জিঅ এপছ বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব।
ৰিলায়েন্স জিঅৰ আন এটা পেক ৩৯৯ টকাত দৈনিক ১.৫ জিবি ডেটা লাভ কৰাৰ উপৰিও আন নেটৱৰ্কলৈ ২০০০ মিনিট সময় বিনামূলীয়াকৈ টকটাইম লাভ কৰিব। লগতে লাভ কৰিব প্ৰতিদিনে ১০০ টাকৈ এচ এম এচ।

এয়াৰটেলৰ ৩৭৯ৰ পেকঃ এই পেকত গ্ৰাহক সকলে ৮৪ দিনৰ বৈধতা থকাৰ উপৰিও ৬ জিবি ডেটা লাভ কৰিব। আনহাতে গ্ৰাহক সকলে সকলো নেটৱৰ্কলৈ বিনামূল্য কল কৰিব পাৰিব। লগতে ৯০০ এছ এম এছ ৰ লগতে ২৮ দিনৰ কাৰণে শ্ব’ একাডমিৰ ফটোগ্ৰাফী কৰ্চৰ লগতে, উইংক মিউজিক, Airtel Xstream App Premium, Zee5, HOOQ, 370+ Live TV Channels ৰ উপৰিও FASTagত ১৫০ টকাৰ কেছবেকৰ সুবিধা প্ৰদান কৰা হৈছে। এয়াৰটেলৰে আন এটা পেক ৩৯৯ টকাত গ্ৰাহকে ৫৬ দিনৰ বৈধতাৰ উপৰিও ১.৫ জিবিৰ বৈধতা লাভ কৰিব। আননেটৱৰ্কলৈ বিনামূলীয়াকে কল কৰিব পাৰিব। লগতে ১০০ এছএমএচৰ সুবিধা লাভ কৰিব। লগতে ২৮ দিনৰ কাৰণে শ্ব’ একাডমিৰ ফটোগ্ৰাফী কৰ্চৰ লগতে, উইংক মিউজিক, Airtel Xstream App Premium, Zee5, HOOQ, 370+ Live TV Channels ৰ উপৰিও FASTagত ১৫০ টকাৰ কেছবেকৰ সুবিধা প্ৰদান কৰা হৈছে।

ভডাফোনৰ ৩৭৯ৰ পেকঃ এই পেকত গ্ৰাহক সকলে ৮৪ দিনৰ বৈধতা লাভ কৰাৰ উপৰিও ৬ জিবি ডেটা লাভ কৰিব। যিকোনো নেটৱৰ্কলৈ বিনামূলীয়াকৈ কল কৰাৰ সুবিধা লাভ কৰিব। লগতে ১০০০ এছ এম এছ লাভ কৰাৰ উপৰিও Vodafone Play subscription আৰু ZEE5ৰ বিনামূলীয়াকৈ লাভ কৰিব। লগতে আন এটা পেক ৩৯৯ টকাত উপলবদ্ধ। এই পেকত ৫৬ দিনৰ বৈধতা থকাৰ উপৰিও ১.৫ জিবিৰ ডেটা লাভ কৰিব। লগতে যিকোনো নেটৱৰ্কলৈ বিনামূলীয়াকৈ কল কৰাৰ সুবিধা লাভ কৰিব। লগতে ১০০ এছ এম এছ বিনামূলীয়াকৈ লাভ কৰাৰ উপৰিও Vodafone Play subscription আৰু ZEE5ৰ বিনামূলীয়াকৈ লাভ কৰিব।

Comments (0)
Add Comment