সোণাৰিৰ ভজোত কামৰূপ এক্সপ্ৰেছত জুই

বিশেষ বাৰ্তা, ২৬ এপ্ৰিল : উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ তিনিচুকীয়া সংমণ্ডলৰ অধীনস্থ তথা সোণাৰিৰ ভজো ৰেল ষ্টেচনত ডিব্ৰুগড়-হাওৰা অভিমুখী কামৰূপ এক্সপ্ৰেছত কালি নিশা জুই লগাত যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ উল্লেখ্য, ডিব্ৰুগড়ৰ পৰা হাওৰা অভিমুখী কামৰূপ এক্সপ্ৰেছ নিশা ভজোৰ পৰা ৰাওনা হোৱাৰে পৰা ৰেলখনৰ এছ ২ দবাৰ তলত জুই লগাত দবাটো ধোঁৱাৰে আগুৰি ধৰে আৰু যাত্ৰীসকলে এই বিষয়ে জানিব পাৰি চলন্ত ট্ৰেইনত যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগে। অৱশেষত ৰেলখন শিমলুগুৰি ষ্টেচনত ৰখাই অগ্নি নিৰ্বাপণ কৰাত যাত্ৰীসকলে স্বস্তিৰ নিশ্বাস পেলায় আৰু এক ডাঙৰ দুৰ্ঘটনাৰ পৰা যাত্ৰীসকল ৰক্ষা পৰে।
প্ৰেৰক দীপাংকৰ পাল
Featured