আইএমএফৰ তথ্য : জাপানক অতিক্ৰমি বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দিশে ভাৰত

বিশেষ বাৰ্তা, ১৪ অক্টোবৰঃ অৰ্থনৈতিকভাৱে উন্নত বিশ্বৰ বৃহৎ দেশসমূহৰ অৰ্থনীতিসমূহ ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে সংকটৰ দ্বাৰা ডাৱৰীয়া হৈ পৰিছে। এই দেশসমূহ মন্দাৱস্থাৰ আশংকাত পৰিছে। কিন্তু ভাৰতক বিশ্বৰ জিলিকি থকা তৰা হিচাপে অভিহিত কৰা হৈছে। যেতিয়া আই এম এফে বিশ্বৰ বহু দেশৰ বৃদ্ধিৰ হাৰ প্ৰক্ষেপণ হ্ৰাস কৰিছে, কিন্তু ইয়াৰ বিশ্বাস যে এই সকলো প্ৰত্যাহ্বানৰ মাজতো চলিত বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনীতি ৬.৮ শতাংশ হাৰত বৃদ্ধি পাব। যিটো আমেৰিকা চীনতকৈ অধিক। এই বৃদ্ধিৰ গতিৰ বাবে আই এম এফৰ বিশ্বাস যে ২০২৭-২৮ চনত ভাৰতে জাপানক পিছ পেলাই বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’ব। আই এম এফৰ তথ্য অনুসৰি ২০২৫-২৬ চনত ভাৰতীয় অৰ্থনীতি জাৰ্মানীৰ সমতুল্য বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হ’ব। ২০২৬-২৭ চনত ভাৰতীয় অৰ্থনীতিৰ আকাৰ ৪.৯৪ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাব। আৰু তাৰ পিছত ২০২৭-২৮ বৰ্ষত ভাৰতৰ অৰ্থনীতি ৫.৩৬ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাব, জাপানৰ ৫.১৭ ট্ৰিলিয়ন ডলাৰৰ বিপৰীতে। ২০২১-২২ চনত ভাৰতীয় অৰ্থনীতিৰ আকাৰ আছিল ৩.১৮ ট্ৰিলিয়ন ডলাৰ। আনহাতে ২০২১ চনত ব্ৰিটেইনৰ অৰ্থনীতিৰ আকাৰ আছিল ৩.১৯ ট্ৰিলিয়ন ডলাৰ। ভাৰতত এপ্ৰিলৰ পৰা মাৰ্চ মাহলৈ বিত্তীয় বৰ্ষ হিচাপে গণ্য কৰা হয়। আনহাতে ব্ৰিটেইনত কেলেণ্ডাৰ বৰ্ষটোক নিজেই বিত্তীয় বৰ্ষ বুলি গণ্য কৰা হয়। শেহতীয়াকৈ যুক্তৰাজ্যক এৰি ভাৰতীয় অৰ্থনীতি বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হ’বলৈ সক্ষম হৈছে। কিন্তু এই তথ্যসমূহ ত্ৰিমাসিক পৰিসংখ্যাৰ ভিত্তিত প্ৰস্তুত কৰা হৈছিল। আই এম এফৰ অনুমান অনুসৰি ২০২২-২৩ বিত্তীয় বৰ্ষৰ শেষত ভাৰতৰ অৰ্থনীতিৰ আকাৰ হ’ব ৩.৪৭ ট্ৰিলিয়ন ডলাৰ, আৰু ব্ৰিটেইনৰ আকাৰ হ’ব ৩.২ ট্ৰিলিয়ন ডলাৰ। ২০২৫-২৬ চনত ভাৰতীয় অৰ্থনীতিৰ আকাৰ হ’ব ৪.৫৫ ট্ৰিলিয়ন ডলাৰ। যিটো জাৰ্মানীৰ সমান হৈ থাকিব পাৰে। ২০২১-২২ চনত জাৰ্মানীৰ অৰ্থনীতি ভাৰততকৈ এক ট্ৰিলিয়ন ডলাৰ ডাঙৰ আছিল। কিন্তু ৪ বছৰৰ পাছত জাৰ্মানীক বাদ দি ভাৰতে চতুৰ্থ বৃহত্তম অৰ্থনীতি হ’বলৈ সক্ষম হ’ব।

Featured