নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ ইউৰোপ মহাদেশত ক’ভিড–১৯ৰ সংক্রমণে পুনৰ সংহাৰী ৰূপ লোৱাত আন্তর্জাতিক বজাৰত পৰা নেতিবাচক প্রভাৱৰ ফলত ভাৰতৰ শ্বেয়াৰ বজাৰতো অঘটন ঘটিছে৷ বিগত ১০ দিন ধৰি লাভত চলি থকা শ্বেয়াৰ বজাৰত বৃহস্পতিবাৰে সূচাংকৰ অভাৱনীয় পতন ঘটে৷ বি এছ ই ছেনছেক্স ১০৬৬ পইণ্ট তথা ২.৬১ শতাংশ নিম্নগামী হৈ বজাৰ সামৰণি পৰে ৩৯.৭২৮ত৷ তেনেদৰে এন এছ ই নিফটী ২৯১ পইণ্ট তথা ২.৪৩ শতাংশ নিম্নগামী হৈ বজাৰ সামৰণি পৰে৷ দিনটোত আজি শ্বেয়াৰ বজাৰৰ পতনত বেংকিং, বিত্তীয় আৰু তথ্য–প্রযুক্তিৰ ক্ষেত্রখনে লোকচানৰ সন্মুখীন হয়৷ আনপিনে, শ্বেয়াৰ বজাৰত অঘটন ঘটাত বিনিয়োগকাৰীয়ে ৩.৩ লাখ কোটি লোকচানৰ সন্মুখীন হয়৷ বিশ্বব্যাপী ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধিত শংকাময় পৰিৱেশ চলি থকাৰ লগতে আমেৰিকা যুক্তৰাষ্ট্র আৰু চীনৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিততে আন্তর্জাতিক বজাৰত লোকচানৰ সন্মুখীন হয়৷ এই প্রভাৱ ভাৰতৰ শ্বেয়াৰ বজাৰতো প্রত্যক্ষভাৱে পৰে৷ বি এ চি ছেনছেক্সৰ বাজাজ ফাইনেঞ্চ, টেক মহিন্দ্র, ইণ্ডাছইণ্ড বেংক, আই চি আই চি আই বেংক, এছ বি আই আৰু ৰিলায়েঞ্চ বৃহৎ লোকচানৰ সন্মুখীন হয়৷ ৩০টাৰ ভিতৰত ২৯টাই লোকচানৰ সন্মুখীন হয়৷ তাৎপর্যপূর্ণ যে একমাত্র এছিয়ান পেণ্টেই লাভৰ সন্মুখীন হৈছে৷ তেনেদৰে এন এছ ই নিফটীৰ ভিতৰত বেংক, বিত্তীয় সেৱা, ব্যক্তিগত খণ্ডৰ বেংক আৰু আই টিয়ে (তথ্য–প্রযুক্তি) ৩.৩৬ শতাংশ লোকচানৰ সন্মুখীন হৈছে৷