নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনতে বিনিয়োগকাৰীয়ে হেৰুৱালে ৩.৩ লাখ কোটি টকা

বিএছই ছেনছেক্স ১,০৬৬ পইণ্ট–এনএছই নিফ্টী ২৯১ পইণ্ট নিম্নগামী

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ  ইউৰোপ মহাদেশত ক’ভিড–১৯ৰ সংক্রমণে পুনৰ সংহাৰী ৰূপ লোৱাত আন্তর্জাতিক বজাৰত পৰা নেতিবাচক প্রভাৱৰ ফলত ভাৰতৰ শ্বেয়াৰ বজাৰতো অঘটন ঘটিছে৷ বিগত ১০ দিন ধৰি লাভত চলি থকা শ্বেয়াৰ বজাৰত বৃহস্পতিবাৰে সূচাংকৰ অভাৱনীয় পতন ঘটে৷ বি এছ ই ছেনছেক্স ১০৬৬ পইণ্ট তথা ২.৬১ শতাংশ নিম্নগামী হৈ বজাৰ সামৰণি পৰে ৩৯.৭২৮ত৷ তেনেদৰে এন এছ ই নিফটী ২৯১ পইণ্ট তথা ২.৪৩ শতাংশ নিম্নগামী হৈ বজাৰ সামৰণি পৰে৷ দিনটোত আজি শ্বেয়াৰ বজাৰৰ পতনত বেংকিং, বিত্তীয় আৰু তথ্য–প্রযুক্তিৰ ক্ষেত্রখনে লোকচানৰ সন্মুখীন হয়৷ আনপিনে, শ্বেয়াৰ বজাৰত অঘটন ঘটাত বিনিয়োগকাৰীয়ে ৩.৩ লাখ কোটি লোকচানৰ সন্মুখীন হয়৷ বিশ্বব্যাপী ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধিত শংকাময় পৰিৱেশ চলি থকাৰ লগতে আমেৰিকা যুক্তৰাষ্ট্র আৰু চীনৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিততে আন্তর্জাতিক বজাৰত লোকচানৰ সন্মুখীন হয়৷ এই প্রভাৱ ভাৰতৰ শ্বেয়াৰ বজাৰতো প্রত্যক্ষভাৱে পৰে৷ বি এ চি ছেনছেক্সৰ বাজাজ ফাইনেঞ্চ, টেক মহিন্দ্র, ইণ্ডাছইণ্ড বেংক, আই চি আই চি আই বেংক, এছ বি আই আৰু ৰিলায়েঞ্চ বৃহৎ লোকচানৰ সন্মুখীন হয়৷ ৩০টাৰ ভিতৰত ২৯টাই লোকচানৰ সন্মুখীন হয়৷ তাৎপর্যপূর্ণ যে  একমাত্র এছিয়ান পেণ্টেই লাভৰ সন্মুখীন হৈছে৷ তেনেদৰে এন এছ ই নিফটীৰ ভিতৰত বেংক, বিত্তীয় সেৱা, ব্যক্তিগত খণ্ডৰ বেংক আৰু আই টিয়ে (তথ্য–প্রযুক্তি) ৩.৩৬ শতাংশ লোকচানৰ সন্মুখীন হৈছে৷

You might also like