নিয়মীয়া বার্তা, ১২ ছেপ্টেম্বৰঃ উপযুক্ত সংৰক্ষণৰ অভাৱত নষ্ট হ’বলৈ ধৰা দুর্লভ আৰু মূল্যৱান গ্রন্থসমূহ সংৰক্ষণৰ বাবে এক উল্লেখনীয় পদক্ষেপ গ্রহণ কৰিছে পানীখাইতীস্থিত ডাউন টাউন বিশ্ববিদ্যালয় কর্তৃপক্ষই৷ কর্তৃপক্ষৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে, বহু গ্রন্থপ্রেমীৰ হাতত বহু মূল্যৱান কিতাপ অথবা গ্রন্থ মজুত আছে৷ তেনে গ্রন্থসমূহ উপযুক্ত তথা বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ অভাৱত উৱলি যোৱা অৱস্থা হৈ পৰে৷ ফলত বহু মূল্যৱান গ্রন্থ ইতিমধ্যে দুষ্প্রাপ্য হৈ পৰাত দুর্লভ হৈ পৰিছে প্রয়োজনীয় বহু গ্রন্থ৷ তেনে দিশৰ প্রতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয়ৰ হৰিনাৰায়ণ দত্ত বৰুৱা কেন্দ্রীয় গ্রন্থাগাৰত বিজ্ঞানসন্মতভাৱে পুৰণি গ্রন্থ সংৰক্ষণৰ ব্যৱস্থা কৰিছে কর্তৃপক্ষই৷ সেই উদ্দেশ্য আগত ৰাখি উচ্চ শিক্ষা প্রতিষ্ঠান কর্তৃপক্ষই মূল্যৱান গ্রন্থ থকা গ্রন্থপ্রেমীসকলক দান হিচাপে অথবা সংৰক্ষণৰ সুবিধা গ্রহণ কৰিবলৈ আহ্বান জনাইছে৷ ইচ্ছুক গ্রন্থপ্রেমীক অসম ডাউন টাউন বিশ্ববিদ্যালয়, শংকৰ–মাধৱ পথ, গান্ধীনগৰ, পানীখাইতী, গুৱাহাটী–২৬ ঠিকনাত অথবা ৮৪৮৬১–৫০০০৪ আৰু ৯৯৫৭০–৭৫২০৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে বিশ্ববিদ্যালয় কর্তৃপক্ষই৷