নিয়মীয়া বার্তা, ২১ অক্টোবৰঃ মানুহৰ জীৱনৰ গতিপথ কোন মুহূর্তত কিদৰে সলনি হয় সেয়া কোনেও নাজানে৷ তেনে এক ঘটনাৰ জীৱন্ত সাক্ষী হৈ ৰ’ল এজন মেধাসম্পন্ন লোক৷ তিনিচুকীয়াৰ এটা আভিজাত্য পৰিয়ালৰ সন্তান অভিজিৎ দত্তই এতিয়া খুজি মাগি পাৰ কৰিছে সময়৷ ঘৰ থাকিও এতিয়া আশ্রয়হীন অভিজিৎ দত্ত৷
এসময়ত দত্তৰ পিতৃ আছিল এএচইবিৰ এগৰাকী অভিযন্তা, মাতৃ আছিল আই অ’চিৰ এগৰাকী একাউণ্টছ অফিচাৰ৷ কিন্তু পিতৃ–মাতৃৰ বিয়োগৰ পিছতে দত্তৰ জীৱনলৈ নামি আহিল ধুমুহা৷ হঠাৎ এই লোকজনৰ সলনি হ’ল গতিপথ৷ মহানগৰীৰ পদপথে, পদপথে ভিক্ষা খুজিব লগা হৈছে এই লোকজনে৷
১৯৮১ চনতে মেড্রিকত প্রথম বিভাগত উত্তীর্ণ হোৱা অভিজিৎ দত্তৰ এই অৱস্থা দেখি মর্মাহত তেওঁৰ সতীর্থ সুভাষ ৰায়৷ সলসলীয়াকৈ ইংৰাজী কোৱা অভিজিৎ দত্তৰ ইচ্ছা শিক্ষকতা কৰাৰ৷ উল্লেখ্য যে ১৯৮৬ চনত মুম্বাইৰ কেৰিয়াৰ কলেজৰ পৰা বি কম পাছ কৰিছিল দত্তই৷ ইয়াৰ পিছত কালাপাহাৰৰ আছাম টাইগাৰ ফ’ৰ্চত চাকৰি কৰিছিল অভিজিৎ দত্তই৷
প্রায় ১০বছৰ ধৰি গুৱাহাটীতে আছে এই লোকজন৷ মাহীমাকৰ ছোৱালীয়ে সম্পত্তি বাজেয়াপ্ত কৰাৰ বাবে এই অৱস্থা হোৱা বুলি অভিযোগ কৰে লোকজনে৷ সম্প্রতি এটা পথ দুর্ঘটনাৰ পিছতে এখন ভৰিৰে দুর্বিষহ জীৱন অতিবাহিত কৰিছে এই লোকজনে৷
ইফালে, ‘নিউজ লাইভ’ৰ বাতৰিৰ পিছতে অভিজিৎ দত্তক উদ্ধাৰ কৰি লৈ গ’ল হেল্প এইড নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে৷ সম্প্রতি ক্ষেত্রীৰ বামফৰস্থিত হেল্প এইডত ৰখা হৈছে এই লোকজনক৷