নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইত শিক্ষাগ্ৰহণ, মাক-দেউতাক আছিল ডাঙৰ চাকৰিয়াল, কিন্তু তেওঁ এতিয়া পথৰ ভিক্ষাৰী

মাহীমাকৰ কন্যাই কৌশলেৰে পৈতৃক সম্পত্তিৰ পৰা কৰিছিল বঞ্চিত

নিয়মীয়া বার্তা, ২১ অক্টোবৰঃ মানুহৰ জীৱনৰ গতিপথ কোন মুহূর্তত কিদৰে সলনি হয় সেয়া কোনেও নাজানে৷ তেনে এক ঘটনাৰ জীৱন্ত সাক্ষী হৈ ৰ’ল এজন মেধাসম্পন্ন লোক৷ তিনিচুকীয়াৰ এটা আভিজাত্য পৰিয়ালৰ সন্তান অভিজিৎ দত্তই এতিয়া খুজি মাগি পাৰ কৰিছে সময়৷ ঘৰ থাকিও এতিয়া আশ্রয়হীন অভিজিৎ দত্ত৷

এসময়ত দত্তৰ পিতৃ আছিল এএচইবিৰ এগৰাকী অভিযন্তা, মাতৃ আছিল আই অ’চিৰ এগৰাকী একাউণ্টছ অফিচাৰ৷ কিন্তু পিতৃ–মাতৃৰ বিয়োগৰ পিছতে দত্তৰ জীৱনলৈ নামি আহিল ধুমুহা৷ হঠাৎ এই লোকজনৰ সলনি হ’ল গতিপথ৷ মহানগৰীৰ পদপথে, পদপথে ভিক্ষা খুজিব লগা হৈছে এই লোকজনে৷

১৯৮১ চনতে মেড্রিকত প্রথম বিভাগত উত্তীর্ণ হোৱা অভিজিৎ দত্তৰ এই অৱস্থা দেখি মর্মাহত তেওঁৰ সতীর্থ সুভাষ ৰায়৷ সলসলীয়াকৈ ইংৰাজী কোৱা অভিজিৎ দত্তৰ ইচ্ছা শিক্ষকতা কৰাৰ৷ উল্লেখ্য যে ১৯৮৬ চনত মুম্বাইৰ কেৰিয়াৰ কলেজৰ পৰা বি কম পাছ কৰিছিল দত্তই৷ ইয়াৰ পিছত কালাপাহাৰৰ আছাম টাইগাৰ ফ’ৰ্চত চাকৰি কৰিছিল অভিজিৎ দত্তই৷

প্রায় ১০বছৰ ধৰি গুৱাহাটীতে আছে এই লোকজন৷ মাহীমাকৰ ছোৱালীয়ে সম্পত্তি বাজেয়াপ্ত কৰাৰ বাবে এই অৱস্থা হোৱা বুলি অভিযোগ কৰে লোকজনে৷ সম্প্রতি এটা পথ দুর্ঘটনাৰ পিছতে এখন ভৰিৰে দুর্বিষহ জীৱন অতিবাহিত কৰিছে এই লোকজনে৷

ইফালে, ‘নিউজ লাইভ’ৰ বাতৰিৰ পিছতে অভিজিৎ দত্তক উদ্ধাৰ কৰি লৈ গ’ল হেল্প এইড নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে৷ সম্প্রতি ক্ষেত্রীৰ বামফৰস্থিত হেল্প এইডত ৰখা হৈছে এই লোকজনক৷

You might also like