ব্যতিক্ৰমী নিৰ্বাচন প্ৰচাৰ চলালে পূব গুৱাহাটীৰ এ পি পিৰ প্ৰাৰ্থী ৰাজপ্ৰসাদ শইকীয়াই

নিয়মীয়া বাৰ্তা ৫ এপ্ৰিলঃ এজন ব্যতিক্ৰমি প্ৰাৰ্থী। যি সময়ত প্ৰাৰ্থী সকলে হেলিকপ্টাৰ, গাড়ীৰে প্ৰচাৰ কৰিছে তেনে সময়তে পূব গুৱাহাটীৰ এন পি পিৰ প্ৰাৰ্থী ৰাজপ্ৰসাদ শইকীয়াই চলাইছে ব্য়তিক্ৰমী প্ৰচাৰ।

ৰাজপ্ৰসাদ শইকীয়াই নিৰ্বাচনী প্ৰচাৰ পূব গুৱাহাটী সমষ্টিটোৰ এলেকাত থকা কাৰ্যালয়, শ্বপিং মল, পথত, দোকানত গৈ প্ৰচাৰ চলাইছে। এই সন্দৰ্ভত এন পি পিৰ প্ৰাৰ্থী গৰাকীয়ে কয় যে মই কঠোৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস কৰো। মই যেতিয়া মোৰ সমষ্টিলৈ গৈছো ভোটাৰ সকলৰ লগত কথা পাতিছো। তেওঁলোকৰ সমস্যাৰ বুজ লৈছো। তেওঁলোকৰ সমস্য়া সমূহ সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি দিছো।


এই সন্দৰ্ভত কেইজন মান ভোটাৰে কয় যে আমি প্ৰাৰ্থী জনক লগ পাই খুবেই সুখী। যেতিয়া ৰাষ্ট্ৰীয় দলবোৰে কেৱল নিজৰ দলৰ নামত ভোট খোজি আহিছে, এই প্ৰাৰ্থী জন সম্পূৰ্ণ ব্য়তিক্ৰম। তেওঁ আমাৰ সমস্য়া সমূহ নিজেই শুনিছে, সমস্য়া সমূহ প্ৰতিশ্ৰুতিৰ আশ্বাস প্ৰদান কৰিছে।

উল্লেখ্য এনপিপিৰ প্ৰাৰ্থী ৰাজপ্ৰসাদ শইকীয়া এজন সফল ব্য়ৱসায়ী হোৱাৰ লগতে এটা নিজৰ এনজিঅ আছে। লগতে পথ সুৰক্ষাৰ বাবেও সজাগতা সৃষ্টি কৰি আহিছে।