নিয়মীয়া বাৰ্তা ১৪ নৱেম্বৰঃ বেলতলাস্থিত শংকৰদেৱ নেত্রালয়ত শনিবাৰে প্রাক্ শিশু দিৱস উদ্যাপন কৰা হয়৷ প্রাক শিশু দিৱসৰ লগত সংগতি ৰাখি হাস্পতাল কর্তৃপক্ষই আয়োজন কৰা শিশুৰ চকুত ছানি পৰা ৰোগৰ সজাগতা অনুষ্ঠানৰ শুভাৰম্ভ কৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শর্মাই৷
অনুষ্ঠানত উদ্যোক্তাসকলৰ শলাগ লৈ মুখ্য অতিথি ৰিণিকি ভূঞা শর্মাই কয় যে চকুৰ ৰোগ নিৰাময়ৰ ক্ষেত্রত শংকৰদেৱ নেত্রালয়ে সুন্দৰ পদক্ষেপ গ্রহণ কৰিছে৷ নেত্রালয়ে গ্রহণ কৰা এই পদক্ষেপৰ জৰিয়তে সকলো লোক উপকৃত হ’ব৷ আজিকালি বৃদ্ধি পোৱা চকুৰ বেমাৰৰ নিৰাময়ৰ লগতে শংকৰদেৱ নেত্রালয়ে গ্রহণ কৰা পদক্ষেপৰ জৰিয়তে গৱেষণা কার্যতো সহায়ক হ’ব বুলি ৰিণিকি ভূঞা শর্মাই মন্তব্য কৰে৷ অনুষ্ঠানত এছ এছ ডি এন ন্যাসৰক্ষী তথা বিশিষ্ট চিকিৎসক ডাঃ হর্ষ ভট্টাচার্য আৰু ডাঃ কস্তুৰী ভট্টাচার্যৰ লগতে হাস্পতালখনৰ বহু বিশেষজ্ঞ চিকিৎসকে শিশুৰ চকুত ছানি পৰা ৰোগৰ ওপৰত বক্তব্য আগবঢ়ায়৷