নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চকুৰ ৰোগ নিৰাময়ত শংকৰদেৱ নেত্রালয়ে লৈছে প্রশংসনীয় পদক্ষেপ

শিশুৰ চকুৰ ৰোগৰ সজাগতা অনুষ্ঠানৰ শুভাৰম্ভ প্রাইড ইষ্টৰ চিএমডি ৰিণিকি ভূঞা শর্মাৰ

নিয়মীয়া বাৰ্তা ১৪ নৱেম্বৰঃ বেলতলাস্থিত শংকৰদেৱ নেত্রালয়ত শনিবাৰে প্রাক্ শিশু দিৱস উদ্যাপন কৰা হয়৷ প্রাক শিশু দিৱসৰ লগত সংগতি ৰাখি হাস্পতাল কর্তৃপক্ষই আয়োজন কৰা শিশুৰ চকুত ছানি পৰা ৰোগৰ সজাগতা অনুষ্ঠানৰ শুভাৰম্ভ কৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শর্মাই৷

অনুষ্ঠানত উদ্যোক্তাসকলৰ শলাগ লৈ মুখ্য অতিথি ৰিণিকি ভূঞা শর্মাই কয় যে চকুৰ ৰোগ নিৰাময়ৰ ক্ষেত্রত শংকৰদেৱ নেত্রালয়ে সুন্দৰ পদক্ষেপ গ্রহণ কৰিছে৷ নেত্রালয়ে গ্রহণ কৰা এই পদক্ষেপৰ জৰিয়তে সকলো লোক উপকৃত হ’ব৷ আজিকালি বৃদ্ধি পোৱা চকুৰ বেমাৰৰ নিৰাময়ৰ লগতে শংকৰদেৱ নেত্রালয়ে গ্রহণ কৰা পদক্ষেপৰ জৰিয়তে গৱেষণা কার্যতো সহায়ক হ’ব বুলি ৰিণিকি ভূঞা শর্মাই মন্তব্য কৰে৷ অনুষ্ঠানত এছ এছ ডি এন ন্যাসৰক্ষী তথা বিশিষ্ট চিকিৎসক ডাঃ হর্ষ ভট্টাচার্য আৰু ডাঃ কস্তুৰী ভট্টাচার্যৰ লগতে হাস্পতালখনৰ বহু বিশেষজ্ঞ চিকিৎসকে শিশুৰ চকুত ছানি পৰা ৰোগৰ ওপৰত বক্তব্য আগবঢ়ায়৷

You might also like