প্ৰশাসনৰ ব্ৰেণ্ড এম্বেচেডৰ হ’ল ৰাকু দা…

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ  অসমৰ এজন জনপ্ৰিয় অভিনেতা তেওঁ। ইউটিউবত তেওঁৰ আছে অসংখ্য অনুৰাগী। ইউটিউবত এখন ছবি ৰিলিজ দিলে দৰ্শকৰ সংখ্যা লাখত হয়। এতিয়া এওঁক দিয়া হৈছে এক গুৰুত্বপূৰ্ণ দায়িত্ব। হয়তো ধৰিব পাৰিছে কোন এই অভিনেতা। অভিনেতা জন হৈছে ৰাজকুমাৰ ঠাকুৰীয়া ওৰফে ৰাকু দা।

আগন্তুক বিধানসভা নিৰ্বাচনত কামৰূপ জিলা প্ৰশাসনৰ SVEEP অভিযানৰ ব্ৰেণ্ড এম্বেচেডৰ হ’ব জনপ্ৰিয় অভিনেতা জন। ইতিমধ্যে কামৰূপ জিলা প্ৰশাসনে টুইট যোগে এই কথা জানিবলৈ দিছে। ভোটাৰ ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ এই দায়িত্ব দিয়া হৈছে ৰাজকুমাৰ ঠাকুৰীয়া ওৰফে ৰাকু দাক।