অনাগত দিনত প্রতিটো সমষ্টিতে উপ–কোষাগাৰ স্থাপনৰ লক্ষ্য চৰকাৰৰ

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ চানমাৰি কলনীত নির্মাণ কৰি উলিওৱা নিউ গুৱাহাটী কোষাগাৰটো ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বুধবাৰে শুভ উদ্বোধন কৰে৷ প্রায় দুই কোটি টকাৰে এই কোষাগাৰটো নতুনকৈ নির্মাণ কৰি উলিওৱা হৈছে৷ এই অনুষ্ঠানতে সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনৰ বিভিন্ন স্থানত বর্তমানৰ চৰকাৰে উপ–কোষাগাৰ স্থাপন কৰি আহিছে৷ অনাগত দিনত প্রতিটো বিধানসভা সমষ্টিতে একোটাকৈ উপ–কোষাগাৰ স্থাপনৰ লক্ষ্য চৰকাৰৰ আছে৷ তদুপৰি জিলা কোষাগাৰসমূহো ঠিকঠাক কৰি থকাৰ উল্লেখ কৰি তেওঁ কয় যে নতুনকৈ গঠিত জিলাতো চৰকাৰে কোষাগাৰ স্থাপনৰ বাবে অনুমোদন দিছে৷ পূর্বতকৈ বর্তমান অসমত কোষাগাৰ সেৱা বহু ভাল হোৱাৰ বিষয়ে জানিবলৈ দি তেওঁ কয় যে কোষাগাৰসমূহ ইতিমধ্যে কম্পিউটাৰ বেজ হৈছে৷ ৰিজার্ভ বেংকৰ ই–কুবেৰ ছফটৱেৰৰ সৈতেও কোষাগাৰৰ প্রত্যক্ষ সম্পর্ক স্থাপন হোৱাৰ ফলত কোষাগাৰৰ কাম মন্থন আৰু প্রণালীবদ্ধ হৈছে৷ আজিৰ এই অনুষ্ঠানত কামৰূপ (মেট্র’)ৰ উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি বিত্ত বিভাগৰ বিষয়াবর্গ উপস্থিত থাকে৷