নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ চীনৰ শ্বানডং প্রদেশৰ য়ানটাইস্থিত হুছান সোণৰ খনিত এক বিস্ফোৰণৰ পিছত আবদ্ধ হৈ পৰা ১২গৰাকী কর্মীয়ে উদ্ধাৰকাৰীলৈ প্রেৰণ কৰিছে এক টোকা৷ ১০ জানুৱাৰীত সংঘটিত এই দুর্ঘটনাৰ ফলত খনিটোৰ অভ্যন্তৰত আবদ্ধ হৈ আছে কর্মীকেইগৰাকী৷ উদ্ধাৰকাৰীলৈ উদ্ধাৰ অভিযান বন্ধ নকৰিবলৈ আহ্বান জনাই এক টোকা প্রেৰণ কৰিছে কর্মীসকলে৷ চীনৰ সংবাদ মাধ্যমে আজি সদৰী কৰিছে এই তথ্য৷ ১২গৰাকী কর্মী এতিয়াও জীৱিত অৱস্থাত থকাৰ তথ্য প্রশাসনে লাভ কৰিছে যদিও অন্য ১০গৰাকী কর্মীৰ কোনোধৰণৰ শুংসূত্র পোৱা নাই৷ বিগত ৮ দিন ধৰি উদ্ধাৰকাৰীয়ে খনিটোত আবদ্ধ কর্মীসকলৰ সৈতে সম্পর্ক স্থাপন কৰিবলৈ প্রচেষ্টা চলাই আছে৷