নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ আগন্তুক ২০ জানুৱাৰীত আমেৰিকাৰ নৱনির্বাচিত ৰাষ্ট্রপতি জ’ বাইডেনে আনুষ্ঠানিকভাৱে দায়িত্ব গ্রহণ কৰিব যদিও এইবাৰ শপত গ্রহণ অনুষ্ঠানত উপস্থিত থাকিব কমসংখ্যক লোক৷ কেপিটল হিলত অনুষ্ঠিত হ’বলগীয়া এই শপত গ্রহণ অনুষ্ঠানত বিদায়ী ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে উপস্থিত নাথাকে বুলি ঘোষণা কৰিছে৷ আমেৰিকাৰ ইতিহাসত চতুর্থগৰাকী বিদায়ী ৰাষ্ট্রপতি হিচাপে ট্রাম্প চিহ্ণিত হ’ব, যিয়ে নতুন ৰাষ্ট্রপতিৰ শপতগ্রহণ অনুষ্ঠানত অনুপস্থিত থাকিব৷
লক্ষণীয়ভাৱে কেপিটল হিলৰ নিৰাপত্তাৰ দায়িত্বত থাকিব ১৫ হাজাৰ নেচনেল গার্ডৰ জোৱান৷ ইয়াৰ উপৰি গুৰুত্বপূর্ণ অনুষ্ঠান–প্রতিষ্ঠানব্ শপত গ্রহণৰ সময়ত বন্ধ ৰখা হ’ব৷ মঞ্চত লেডী গাগাৰ কার্যসূচী ৰখা হৈছে যদিও উপস্থিত দর্শকসকলে ক’ভিড প্রট’কল মানি চলিব লাগিব৷