আগ্ৰাসী ৰঙাচীন : উত্তৰাখণ্ডৰ সীমান্তত ৪০০ গাঁও নিৰ্মাণৰ প্ৰস্তুতি

বিশেষ বাৰ্তা, ২৬ মেঃ চীনে ধাৰাবাহিকভাৱে ভাৰতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে, লাডাখ আৰু অৰুণাচল প্ৰদেশৰ পিছত এতিয়া উত্তৰাখণ্ডতো চীনে গাঁও নিৰ্মাণৰ খবৰ ওলাইছে। কোৱা হৈছে যে উত্তৰাখণ্ডৰ সীমান্তৰ সমীপত চীনে গাঁও নিৰ্মাণ কৰি আছে। ইয়াৰ লগতে এইটোও কোৱা হৈছে যে চীনৰ এই গাঁওসমূহ সীমান্তৰ অতি ওচৰত, ভাৰতৰ সীমান্তৰ পৰা তেওঁলোকৰ দূৰত্ব মাত্ৰ ১১ কিলোমিটাৰ বুলি কোৱা হৈছে। ভৱিষ্যতেও চীনে এনে নিৰ্মাণৰ পৰিকল্পনা কৰিছে। ইয়াৰ পূৰ্বে চীনে লাডাখ আৰু অৰুণাচলৰ সমীপতো নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি উত্তৰাখণ্ডৰ সীমান্তৰ ওচৰত চীনে প্ৰায় ৫৫-৫৬টা ঘৰ নিৰ্মাণ কৰিছে যদিও ইয়াৰ দূৰত্ব প্ৰায় ৩৫ কিলোমিটাৰ। এই আটাইকেইখন গাঁও পিপলছ লিবাৰেশ্যন আৰ্মি (পিএলএ)ৰ তত্ত্বাৱধানত আছে। ইয়াৰ বাহিৰেও সীমান্তৰ পৰা প্ৰায় ১১ কিলোমিটাৰ দূৰত্বত গাঁওখন স্থাপন কৰিবলৈ আৰম্ভ কৰা হৈছে। প্ৰতিবেদন অনুসৰি চীনে সীমান্তৰ গাতে লাগি পূব খণ্ডত ৪০০খন গাঁও স্থাপনৰ পৰিকল্পনা কৰিছে। যাৰ বাবে সীমান্তত নিজৰ অনুপ্ৰৱেশ শক্তিশালী কৰি তুলিছে চীনে। উত্তৰাখণ্ড চীনৰ সৈতে প্ৰায় ৩৫০ কিলোমিটাৰ সীমা ভাগ। উত্তৰাখণ্ডত যোৱা কেইবছৰমানৰ পৰা প্ৰব্ৰজন দ্ৰুতগতিত বৃদ্ধি পাইছে, কৰ্মসংস্থাপন আৰু মৌলিক সা-সুবিধাৰ অভাৱত সীমান্তৰ গাঁওসমূহ অবিৰতভাৱে খালী হৈ আহিছে। যাৰ ক্ষতি ভাৰতে কৌশলগতভাৱে সহ্য কৰিব লাগিব। ইয়াৰ বিপৰীতে চীনে সীমান্তৰ ওচৰত নিজৰ জনসাধাৰণক সংস্থাপন কৰিবলৈ অহৰহ কাম কৰি আছে। চীনৰ এই গাঁওসমূহ সকলো সা-সুবিধাৰে সজ্জিত। অৱশ্যে চীনৰ সীমান্তৰ কাষৰীয়া গাঁওসমূহত থকা লোকসকলক পুনৰ সংস্থাপনৰ বাবে ভাৰতীয় পক্ষৰ পৰাও অবিৰত প্ৰচেষ্টা চলোৱা হৈছে। ইফালে ভাৰতে সীমান্তত ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ নিৰ্মাণৰ প্ৰস্তুতি চলাইছে বুলি খবৰ পোৱা গৈছে। লিপুলেখ পাছৰ অন্তিমটো সীমান্ত চকীলৈ যোৱাৰ পথ সহজ কৰি তোলাৰ উদ্দেশ্যে উত্তৰাখণ্ডৰ ঘটিয়াবাগৰ-লিপুলেখ পথত বুণ্ডী আৰু গৰবিয়াঙৰ মাজত নিৰ্মাণ কৰা হ’ব এই ছয় কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ। বৰ্তমান এই সন্দৰ্ভত এক সমীক্ষা চলি আছে। প্ৰায় দুহাজাৰ কোটি টকাৰ এই প্ৰকল্পটো আগন্তুক চাৰি-পাঁচ বছৰত আৰম্ভ হ’ব পাৰে। সীমান্ত পথ সংস্থাৰ এগৰাকী বিষয়াই জনোৱা মতে, ২০২০ চনত সম্পূৰ্ণ হোৱা সীমান্ত পথটো আজিকালি ব্লেক টপ আৰু ডাবল লেন কৰি তোলা হৈছে। ডাবল লেনৰ বেছিভাগ কামেই প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। অৰ্থাৎ ভাৰতেও চীনৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰতিটো ফ্ৰণ্টতে প্ৰস্তুতি চলোৱাত ব্যস্ত।

Featured