পাঁচ ভাৰতবিৰোধী সন্ত্রাসবাদী সংগঠন পাকিস্তানত

নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ সন্ত্রাসবাদক লৈ দুমুখীয়া নীতি গ্রহণ কৰি থকা পাকিস্তানৰ চৰিত্র পুনৰ প্রমাণিত হৈছে কনগ্রেচনেল ৰিছার্চ ছার্ভিচ (চিআৰএছ)ৰ প্রতিবেদনত৷ সন্ত্রাসবাদক লৈ গৱেষণা চলাই থকা আন্তর্জাতিক সংস্থা চি আৰ এছ–এ প্রকাশ কৰা শেহতীয়া প্রতিবেদনত পাকিস্তানত ১২ বিদেশী সন্ত্রাসবাদী সংগঠন আছে৷ এই আটাইকেইটা সংগঠন ৰাষ্ট্রসংঘৰ দ্বাৰা নিষিদ্ধ ঘোষিত৷ ১২ বিদেশী সংগঠনৰ ভিতৰত পাঁচটা সন্ত্রাসবাদী সংগঠন ভাৰতকেন্দ্রিক৷ অর্থাৎ ভাৰতত কূটাঘাতমূলক কার্যকলাপ সংঘটিত কৰি অশান্ত কৰি তোলাৰ লগতে জম্মু–কাশ্মীৰত বিচ্ছিন্নতাবাদীক সমর্থন জনাই আছে এই পাঁচ নিষিদ্ধ সন্ত্রাসবাদী সংগঠনে৷ পাকিস্তানৰ ভূমিত দেশখনৰ চোৰাংচোৱা সংস্থা আই এছ আই আৰু সেনাৰ সহযোগত বিদেশী সন্ত্রাসবাদী সংগঠনে প্রশিক্ষণকে ধৰি বিভিন্ন কার্যকলাপ চলাই আছে৷

ভাৰতকেন্দ্রিক এই সন্ত্রাসবাদী সংগঠনকেইটা হৈছে৷ লস্কৰ–ই–তৈবা, জয়ছ–ই–মহম্মদ, হৰকত–উল–জিহাদ ইছলামী, হিজবুল মুজাহিদীন, আৰু অল–কায়দা৷ এই আটাইকেইটা নিষিদ্ধ সংগঠনে পাকিস্তানত লালিত–পালিত হৈ থাকি ভাৰতৰ জম্মু–কাশ্মীৰত সন্ত্রাসবাদী কার্যকলাপ চলাই আছে৷ ১৯৮০ চনত পাকিস্তানত গঠন হোৱা লস্কৰ–ই–তৈবা ২০০৮ চনত ভাৰতৰ মুম্বাইৰ আক্রমণত জড়িত৷ ২০০০ চনত গঠন হোৱা জয়ছ–ই–মহম্মদ ২০০১ চনত ভাৰতৰ সংসদ ভৱন আক্রমণত জড়িত, হৰকত–উল–জিহাদ ইছলামী ১৯৮০ চনত গঠন হোৱা, হিজবুল মুজাহিদীন ১৯৮৯ চনত গঠন হোৱা সন্ত্রাসবাদী সংগঠন