দুর্নীতিত এছিয়াৰ শীর্ষত ভাৰত

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে দুর্নীতিক লৈ শূন্য সহনশীলতা গ্রহণ কৰিছে যদিও দেশত দুর্নীতি হ্রাস পোৱা নাই৷ দেশত উৎকোচ অবিহনে কোনো চৰকাৰী কাম যে নহয়, তাৰ প্রমাণ আন্তর্জাতিক দুর্নীতি নিৰীক্ষণ প্রহৰী সংস্থা ট্রেন্সপাৰেঞ্চী ইণ্টাৰনেচনেলৰ প্রতিবেদনত প্রকাশ পাইছে৷

‘গ্ল’বেল কৰাপছন বেৰ’মিটাৰ (জিচিবি) এছিয়া’ শীর্ষক প্রতিবেদনখনত এছিয়াৰ ভিতৰত ৩৯ শতাংশ উৎকোচৰ হাৰেৰে শীর্ষ স্থানত আছে ভাৰত৷ প্রতিবেদনখনত এছিয়াৰ দেশসমূহত ৫০ শতাংশ লোকে যিকোনো কামৰ বাবে উৎকোচ দিবলগীয়া হয় বুলি স্বীকাৰ কৰাৰ বিপৰীতে ৩২ শতাংশ লোকে ব্যক্তিগতভাৱে উৎকোচ দিহে চৰকাৰী কাম–কাজ কৰে বুলি দাবী কৰিছে৷ ভাৰতত এইক্ষেত্রত সর্বাধিক ৩৯ শতাংশ উৎকোচৰ হাৰ চলি আছে৷

প্রতিবেদনত প্রকাশ পোৱা মতে, ৬৩ শতাংশ ভাৰতীয়ই দুর্নীতিৰ বিষয়ত সৰৱ হোৱাৰ পিছত নেতিবাচক ফল পায় বুলি দাবী কৰিছে৷ ভাৰতৰ লগতে মালয়েছিয়া, থাইলেণ্ড, শ্রীলংকা আৰু ইণ্ডোনেছিয়াতো এই হাৰ বেছি৷ ভাৰতত ৮৯ শতাংশ লোকে চৰকাৰী দুর্নীতি বৃহৎ সমস্যা বুলি প্রকাশ কৰিছে৷ গুৰুত্বপূর্ণ যে এছিয়াৰ অর্থনৈতিক শক্তিশালী দেশ জাপানত উৎকোচৰ হাৰ মাত্র ২ শতাংশ৷ তেনেদৰে পর্যটকৰ আকর্ষণীয় মালদ্বীপতো উৎকোচৰ হাৰ ২ শতাংশ৷

আনহাতে, দক্ষিণ কোৰিয়াত ১০ শতাংশ আৰু নেপালত ১২ শতাংশ উৎকোচৰ হাৰ৷ সংস্থাটোৱে ১৭খন দেশৰ ৮৩৬ নিযুত লোকক লৈ এই সমীক্ষা চলাইছিল৷

Featured