ইউক্রেইনত সামৰিক বিমান দুর্ঘটনাগ্রস্ত, ২২ এয়াৰ ফ’চ কেডেটৰ প্রাণহানি

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ ইউক্রেইনত এয়াৰ ফ’চ কেডেট কঢ়িওৱা সামৰিক বিমান এখন দুর্ঘটনাত পতিত হোৱাত বিমানখনত থকা আটাইবোৰ যাত্রীৰে প্রাণহানি হৈছে৷ বিৱৰণী মতে, ইউক্রেইনৰ উত্তৰ–পূব প্রান্তৰ ঘাইপথত অৱতৰণৰ পূর্বেই বিমানখন দুর্ঘটনাত পতিত হয়৷ দেশখনৰ সশস্ত্র বাহিনীৰ জেনেৰেল ৰাছলান খোমছাকে বিবৃতিযোগে প্রকাশ কৰা মতে প্রশিক্ষণৰ সময়ত এণ্ট’ন’ভ এএন–২৬ বিমানখন অৱতৰণ কৰিবলৈ খোজোঁতেই ঘাইপথৰ সমীপত বাগৰি পৰে৷ কালি নিশা সংঘটিত এই বিমান দুর্ঘটনাটোত বিমানখনত যাত্রী হিচাপে থকা ২৭জনৰ ভিতৰত ২২জনৰ মৃত্যু হয় আৰু বাকীকেইজন গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে৷

দেশখনৰ ৰাষ্ট্রীয় জৰুৰীকালীন সেৱা বিভাগে প্রকাশ কৰা মতে, সামৰিক বিমানবন্দৰৰ পৰা প্রায় দুই কিলোমিটাৰৰ আঁতৰত এই বিমানখন দুর্ঘটনাগ্রস্ত হয়৷ প্রতিৰক্ষা মন্ত্রালয়ৰ দ্বাৰা পৰিচালিত খাৰকিভ ইউনিভার্ছিটী অৱ এয়াৰ ফ’চৰ পৰা এয়াৰ ফ’চ কেডেট উক্ত বিমানখনত যাত্রী হিচাপে আছিল৷ দুর্ঘটনাগ্রস্ত হোৱাত এয়াৰ ফ’চৰ কেডেটকেইগৰাকীৰ থিতাতে মৃত্যু হয়৷