নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ আৰক্ষীৰ নৃশংসতাৰ বিৰুদ্ধে বিক্ষোভত উত্তাল হৈ থকা আফ্রিকান ৰাষ্ট্র নাইজেৰিয়াৰ এক প্রতিবাদী সংগঠনে জনসাধাৰণক ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলৈ আহ্বান জনাইছে৷ ফেমিনিষ্ট কোৱালিচন নামৰ এই বিদ্রোহী সংগঠনটোৱে দেশখনৰ প্রতিখন প্রদেশত সান্ধ্য আইন মানি চলিবলৈও জনসাধাৰণক আহ্বান জনাইছে৷
লক্ষণীয়ভাৱে দেশখনৰ ৰাষ্ট্রপতি মুহাম্মাডু বুহাৰিয়ে এক টেলিভিছন ভাষণযোগে শীঘ্রে প্রতিবাদ প্রত্যাহাৰ কৰিবলৈ বিক্ষুব্ধ জনগনক আহ্বান জনাইছে৷ কালি নিশাৰ ভাগতো প্রতিবাদৰ অভিকেন্দ্র লাগ’ছ চহৰৰ পৰিস্থিতি উত্তপ্ত হৈ থাকে৷ চৌদিশে মাথোঁ আশংকা আৰু সন্ত্রাস বিৰাজমান হৈ থাকে নাইজেৰিয়াৰ বৃহত্তম চহৰখনত৷
লক্ষণীয়ভাৱে দুটা সপ্তাহ ধৰি আৰক্ষীৰ নৃশংস আতিশয্যৰ বিৰুদ্ধে বিক্ষোভত উত্তাল হৈ আছে নাইজেৰিয়া৷ মাত্র তিনি দিন পূর্বে লাগ’ছ চহৰত প্রতিবাদী জনতাৰ ওপৰত আৰক্ষীয়ে চলোৱা নির্বিচাৰ গুলীত ১২গৰাকী লোক নিহত হৈছিল৷