বিশেষ বাৰ্তা, ২১ জুনঃ ১৬ বছৰ বয়স অতিক্রম কৰিলেই মুছলমান তৰুণীয়ে নিজৰ পছন্দৰ পুৰুষৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব পাৰে৷ আজি এক গোচৰ সন্দর্ভত এই ৰায় প্রদান কৰিছে পঞ্জাব তথা হাৰিয়ানা উচ্চ ন্যায়ালয়ে৷ ন্যায়ালয়ৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে ১৬ বছৰ বয়সৰ ঊর্ধ্বৰ মুছলমান তৰুণীয়ে নিজৰ পছন্দৰ পুৰুষৰ সৈতে বৈবাহিক সম্পর্ক গঢ়ি তুলিব পাৰে৷ সম্প্রতি পাঠানকোটৰ ২১ বছৰ বয়সীয়া এজন যুৱকে পৰিয়ালৰ আপত্তি সত্ত্বেও ১৬ বছৰৰ এজনী মুছলমান তৰুণীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল৷ পৰিয়াল এই বিবাহ ন্যায়সংগত নহয় বুলি আদালতৰ দ্বাৰস্থ হৈছে৷ আজি ইয়াৰ শুনানি গ্রহণ কৰে পঞ্জাব তথা হাৰিয়ানা উচ্চ ন্যায়ালয়ে৷ ৰায়ত বিচাৰপতি যশজিৎ সিং বেদীয়ে উল্লেখ কৰে যে পৰিয়ালে আপত্তি কৰিলেই যুৱক–যুৱতীৰ সংবিধান প্রদত্ত মৌলিক অধিকাৰ খর্ব কৰিব নোৱাৰি৷