নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্জাব–হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ৰায়ঃ মুছলিম তৰুণীয়ে বিয়াত বহিব পাৰিব মাত্ৰ ১৬ বছৰতে

বিশেষ বাৰ্তা, ২১ জুনঃ ১৬ বছৰ বয়স অতিক্রম কৰিলেই মুছলমান তৰুণীয়ে নিজৰ পছন্দৰ পুৰুষৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব পাৰে৷ আজি এক গোচৰ সন্দর্ভত এই ৰায় প্রদান কৰিছে পঞ্জাব তথা হাৰিয়ানা উচ্চ ন্যায়ালয়ে৷ ন্যায়ালয়ৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে ১৬ বছৰ বয়সৰ ঊর্ধ্বৰ মুছলমান তৰুণীয়ে নিজৰ পছন্দৰ পুৰুষৰ সৈতে বৈবাহিক সম্পর্ক গঢ়ি তুলিব পাৰে৷ সম্প্রতি পাঠানকোটৰ ২১ বছৰ বয়সীয়া এজন যুৱকে পৰিয়ালৰ আপত্তি সত্ত্বেও ১৬ বছৰৰ এজনী মুছলমান তৰুণীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল৷ পৰিয়াল এই বিবাহ ন্যায়সংগত নহয় বুলি আদালতৰ দ্বাৰস্থ হৈছে৷ আজি ইয়াৰ শুনানি গ্রহণ কৰে পঞ্জাব তথা হাৰিয়ানা উচ্চ ন্যায়ালয়ে৷ ৰায়ত বিচাৰপতি যশজিৎ সিং বেদীয়ে উল্লেখ কৰে যে পৰিয়ালে আপত্তি কৰিলেই যুৱক–যুৱতীৰ সংবিধান প্রদত্ত মৌলিক অধিকাৰ খর্ব কৰিব নোৱাৰি৷

You might also like