তাঞ্জানিয়াত স্কুলত অগ্নিকাণ্ড ১০টা শিশুৰ মৃত্যু

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ আফ্রিকান ৰাষ্ট্র তাঞ্জানিয়াৰ উত্তৰ–পশ্চিম কাগেৰা অঞ্চলত এখন আৱাসিক বিদ্যালয়ত সংঘটিত অগ্নিকাণ্ডত ১০টা শিশুৰ মৃত্যু হৈছে৷ এই ঘটনাত গুৰুতৰভাৱে আহত অন্য ৭টা শিশুক মুমূর্ষু অৱস্থাত হাস্পতালত চিকিৎসা প্রদান কৰি থকা হৈছে৷

উল্লেখনীয় যে এই আৱাসিক বিদ্যালয়খনত ৬ৰ পৰা ১০ বছৰৰ ভিতৰৰ বয়সৰ শিশুসকলক ৰখা হৈছিল৷ অগ্নিকাণ্ডৰ ঘটনাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ তাৎক্ষণিকভাৱে অগ্ণিকাণ্ডৰ কাৰণ জানিবলৈ সক্ষম হোৱা নাই প্রশাসনে৷ কায়েৰা জিলাৰ বায়ামুংগু ইংলিছ মিডিয়াম প্রাইমাৰী স্কুলত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা৷ জিলা উপায়ুক্ত ৰছিদ এমৱাইমুৱে সংবাদ সংস্থা বি বি চিক জনোৱা অনুসৰি জীৱন্তে অগ্নি দগ্ধ হৈছে আটাইকেইটা শিশু৷ শিশুকেইটাৰ মৃতদেহ চিনাক্ত কৰিবলৈ হ’লে ডি এন এ পৰীক্ষাৰ গত্যন্তৰ নাই বুলিও জিলা উপায়ুক্তগৰাকীয়ে উল্লেখ কৰিছে৷

ইফালে, এই শোকাৱহ অগ্ণিকাণ্ডৰ পিছতে সমগ্র অঞ্চলটোত স্থানীয় বাসিন্দাসকলে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতিৰ৷