মহাকাশৰ পাথৰৰ পৰা নিশাৰ ভিতৰতে কোটিপতি হ’ল কফিন নির্মাতা

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ  মহাকাশৰ পৰা আহি মাটিত পৰা উল্কাই ইণ্ডোনেছিয়াৰ এজন দুর্ভগীয়া লোকক নিশাৰ ভিতৰতে কোটিপতি হিচাপে প্রতিপন্ন কৰিছে৷ ৩৩ বছৰীয়া এই ইণ্ডোনেছিয়াৰ লোকজনৰ ঘৰৰ টিন ফুটি মজিয়াত পৰে ২.১ কিলোগ্রাম ওজনৰ এক মূল্যৱান পাথৰ৷ এই পাথৰ খণ্ডৰ মূল্য ভাৰতীয় টকাৰ হিচাপত ১০ কোটিতকৈও বেছি হ’ব৷ উত্তৰ সুমাত্রাৰ কোলাঙৰ বাসিন্দা জ’ছুৱা হুটাগালুঙৰ ঘৰত আহি পৰে মহাকাশৰ এই পাথৰ৷ জ’ছুৱা হৈছে পেছাত এজন কফিন নির্মাণ কৰা বাঢ়ৈ৷ ঘৰৰ ভিতৰত কফিনৰ কামত ব্যস্ত হৈ থকা সময়তে জ’ছুৱাৰ সন্মুখত আহি পৰে এই মূল্যৱান পাথৰ৷

লক্ষণীয়ভাৱে উল্কাপিণ্ডৰ পাথৰৰ মূল্য বিভিন্ন দিশ পর্যালোচনা কৰি নির্ধাৰণ কৰা হয়৷ প্রতি গ্রামত ৫ ডলাৰৰ পৰা ইয়াৰ মূল্য ধার্য কৰা হয়৷ উল্লেখনীয় যে জ’ছুৱাৰ ঘৰত পৰা মহাকাশৰ পাথৰবিধ অতি মূল্যৱান বুলি ধাৰণা কৰিছে বিভিন্ন সংস্থাই৷ গতিকে ইয়াৰ প্রতি গ্রামৰ দাম ১০০০ ডলাৰ হ’ব বুলি ধাৰণা কৰা হৈছে৷ ৪৫০ কোটি বছৰ পুৰণি এই পাথৰবিধক ইতিমধ্যে বিজ্ঞানীসকলে চিএম১/২ কার্বনাচিয়াছ কনড্রাইট বুলি শ্রেণীভুক্ত কৰিছে৷