নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰঃ তুৰস্কৰ ৰাষ্ট্রপতি ৰিচেপ টায়ীপ এর্ডোগানক লৈ ফৰাচী আলোচনী ‘চার্লি হেপডো’ৱে কার্টুন প্রকাশ কৰা ঘটনাক কেন্দ্র কৰি দুয়োখন দেশৰ মাজত সম্পর্কৰ অৱনতি ঘটিছে৷
তুৰস্ক প্রশাসনে উল্লেখ কৰিছে যে ৰাষ্ট্রপতি এর্ডোগানৰ কার্টুন প্রকাশৰ বাবেই আলোচনীখনৰ বিৰুদ্ধে আইনী তথা কূটনৈতিক পদক্ষেপ গ্রহণ কৰা হ’ব৷ এগৰাকী বোর্খা পৰিহিত মহিলাৰ পোছাক খুলি থকা অৱস্থাত ৰাষ্ট্রপতি এর্ডোগানৰ কার্টুন প্রকাশ কৰিছিল চার্লি হেপডোৱে৷
উল্লেখনীয় যে এই ঘটনাৰ পিছতে তুৰস্ক প্রশাসনে ৰম্য আলোচনীখনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে৷ স্মর্তব্য যে ফৰাচী ৰাষ্ট্রপতি ইমানুৱেল মেক্র’নে কট্টৰপন্থী ইছলামৰ বিৰুদ্ধে কঠোৰ অৱস্থান গ্রহণ কৰাৰ পিছতে তুৰস্ক আৰু ফ্রান্সৰ দ্বিপাক্ষিক সম্পর্কৰ অৱনতি ঘটিছে৷