য়েমেনৰ কাৰাগাৰত বিমানেৰে আক্রমণঃ নিহত ৭০

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ য়েমেনৰ বিদ্রোহী হাউদীৰ শক্তিশালী স্থিতি থকা ছাদাৰ ডিটেনচন চেণ্টাৰ এটাত ছৌদি নেতৃত্বাধীন সেনাবাহিনীয়ে বিমানেৰে ভয়াৱহ আক্রমণ চলোৱাত অতি কমেও ৭০জন লোক নিহত হৈছে৷ য়েমেনৰ দক্ষিণ–পশ্চিমস্থিত ছাদাৰ কাৰাগাৰত ছৌদি বাহিনীয়ে চলোৱা আক্রমণক গৰিহণা দিছে ৰাষ্ট্রসংঘই৷ ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনি’ গুটেৰেছে বিবৃতিযোগে য়েমেনৰ কাৰাগাৰত ছৌদি বাহিনীয়ে চলোৱা আক্রমণক গৰিহণা জনাই এনে কার্য বন্ধ কৰিব লাগে বুলি দাবী জনাইছে৷ উল্লেখ্য যে ২০১৫ চনৰ পৰা ছৌদি নেতৃত্বাধীন সেনাই হাউদী বিদ্রোহীৰ বিৰুদ্ধে অভিযান চলাই আছে৷ এতিয়ালৈকে এই অভিযানত কেইবা সহস্রাধিক অসামৰিক লোকৰ মৃত্যু হৈছে৷ ইয়াৰে ভিতৰত ১০ সহস্রাধিক শিশুও আছে৷ মন কৰিবলগীয়া যে ছাদাৰ ডিটেনচন চেণ্টাৰত বিমান আক্রমণ কৰাৰ কেইঘণ্টামান পিছতে উদ্ধাৰকাৰী দলে আক্রমণত প্রাণ হেৰুওৱা লোকৰ মৃতদেহ উদ্ধাৰ কৰে৷ মৃত্যুৰ সংখ্যা অধিক বৃদ্ধি পাব পাৰে বুলি সংবাদ মাধ্যমত প্রকাশ পাইছে৷ গুৰুত্বপূর্ণ যে ৰাষ্ট্রসংঘই বিমান আক্রমণক গৰিহণা দিয়াৰ পিছতেই ছৌদি বাহিনীয়ে অসামৰিক লোকৰ স্থানত আক্রমণ চলোৱা নাই বুলি দাবী কৰিছে৷ তেনেদৰে ছৌদি বাহিনীয়ে হাউদীৰ ওপৰত চলোৱা অভিযানৰ পৰিপ্রেক্ষিতত কেইবালক্ষ লোক ভগনীয়া হৈছে৷ দেশখনত দুর্ভিক্ষ বৃদ্ধি পাইছে৷