দেশত পুনৰ বৃদ্ধি ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা; ২৪ ঘণ্টাত ৪১,৩৮৩ পজিটিভ

নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ দেশত পুনৰ লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা৷ বিগত দুদিন ধৰি আক্রান্তৰ সংখ্যা এদিনত ৪০ সহস্রাধিক হৈ আছে৷ যোৱা ২৪ ঘণ্টাত দেশজুৰি আক্রান্ত হৈছে ৪১,৩৮৩জন৷ ইয়াকে লৈ দেশত আক্রন্তৰ সংখ্যা ৩.১২ কোটি অতিক্রম কৰিলে৷

আনপিনে মৃতকৰ সংখ্যা তুলনামূলকভাৱে লাহে লাহে হ্রাস পাবলৈ ধৰিছে৷ যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটিছে ৫০৭জনৰ৷ ইয়াকে লৈ দেশত মৃতকৰ সংখ্যা ৪,১৮,৯৮৭জনলৈ বৃদ্ধি পালে৷ লক্ষণীয় যে আক্রান্ততকৈ সুস্থ হোৱা লোকৰ সংখ্যা বর্ধিত হৈ আছিল যদিও বিগত কেইবাদিন ধৰি আক্রান্ততকৈ সুস্থ হোৱা লোকৰ সংখ্যা হ্রাস পাইছে৷ যোৱা ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ৩৮,৬৫২জন৷ ইয়াকে লৈ দেশজুৰি সুস্থ হোৱা লোকৰ সংখ্যা ৩,০৪,২৯,৩৩৯জনলৈ বৃদ্ধি পাইছে৷

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি দেশত সুস্থতাৰ হাৰ ৯৭.৩৫লৈ বৃদ্ধি পাইছে৷ বর্তমান দেশত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৪,০৯,৩৯৪জন৷ অর্থাৎ মুঠ আক্রান্তৰ ১.৩১ শতাংশ সক্রিয় ৰোগী৷ বিগত ৩১ দিন ধৰি একেৰাহে দৈনিক পজিটিভিটীৰ হাৰ ৩ শতাংশৰ তলত আছে৷ যোৱা ২৪ ঘণ্টাত পজিটিভিটীৰ হাৰ ২.৪১ শতাংশ৷ সাপ্তাহিক পজিটিভিটীৰ হাৰ ২.১২ শতাংশ৷

উল্লেখ্য যে আই চি এম আৰৰ তথ্য অনুসৰি দেশত এতিয়ালৈকে ৪৫,০৯,১১,৭১২ নমুনাৰ পৰীক্ষণ চলোৱা হৈছে৷ আনপিনে যোৱা ২৪ ঘণ্টাত ২২ লক্ষাধিক লোকক ক’ভিড–১৯ ভেকচিন প্রদান কৰাত দেশত মুঠ ভেকচিন ৪১,৭৮,৫১,১৫১ কোটি ড’জলৈ বৃদ্ধি পাইছে৷

ইপিনে একাংশ সংবাদ মাধ্যমত ক’ভিড–১৯ৰ মৃতকৰ সংখ্যা চৰকাৰে সঠিকভাৱে প্রচাৰ কৰা নাই বুলি প্রকাশিত বাতৰিক লৈ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে বিবৃতি জাৰি কৰিছে৷ সংবাদ মাধ্যমৰ বাতৰি সম্পূর্ণ বিভ্রান্তিকৰ তথা সম্পূর্ণ মিথ্যাচাৰ বুলি বিবৃতিত উল্লেখ কৰি দেশত ক’ভিড–১৯ৰ মৃতকৰ সংখ্যা শক্তিশালী আইনী আধাৰিত মৃত্যু পঞ্জীয়ন পদ্ধতিৰ দ্বাৰা সম্পন্ন কৰা বুলি উল্লেখ কৰিছে৷ এনে ক্ষেত্রত ক’ভিড–১৯ত মৃতকৰ সংখ্যা চৰকাৰে সঠিকভাৱে প্রকাশ কৰা নাই বুলি যি বাতৰি চর্চিত হৈছে, সেয়া অমূলক বুলিও বিবৃতিত প্রকাশ কৰা হৈছে৷

ৰাজ্যসভাৰ মজিয়াত কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মান্দাভিয়াই ক’ভিড–১৯ত মৃতকৰ সংখ্যা গোপন কৰাৰ অভিযোগ অপপ্রচাৰ বুলি উল্লেখ কৰি কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ দ্বাৰা দাখিল কৰা তথ্যৰ আধাৰতে মৃতকৰ সংখ্যা প্রকাশ কৰিছে বুলি দাবী কৰিছে৷

Featured