জাভেদ আখতাৰৰ মানহানি গোচৰঃ অভিনেত্রী কংগনাক মুম্বাই আদালতৰ সকীয়নি

নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ প্রসিদ্ধ গীতিকাৰ জাভেদ আখতাৰৰ মানহানি গোচৰত মঙলবাৰে অভিনেত্রী কংগনা ৰানাৱটক সকীয়নি দিয়ে মুম্বাইৰ আন্ধেৰীৰ মেট্র’পলিটান মেজিষ্ট্রেটে৷ মানহানি গোচৰৰ পৰৱর্তী শুনানিত যদি অভিনেত্রীগৰাকী সোঁশৰীৰে উপস্থিত নাথাকে, তেন্তে গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিব বুলি আদালতে সকীয়নি দিছে৷

উল্লেখ্য যে গীতিকাৰ জাভেদ আখতাৰৰ মানহানি গোচৰত মঙলবাৰে কংগনা ৰানাৱট উপস্থিত থাকিব নোৱাৰে বুলি অধিবক্তাৰ জৰিয়তে আদালতত আবেদন জনায়৷ এই আবেদনত আনকি ব্যক্তিগতভাৱে অভিনেত্রীগৰাকীয়ে সোঁশৰীৰে শুনানি উপস্থিত থকাৰ পৰা ৰেহাইৰ অনুমতি বিচাৰে৷ কিন্তু বিপৰীত পক্ষৰ অধিবক্তাই এই সন্দর্ভত আপত্তি জনাই পৰৱর্তী শুনানিত উপস্থিত নাথাকিলে অভিনেত্রীগৰাকীৰ বিৰুদ্ধে জামিনযুক্ত গ্রেপ্তাৰী পৰোৱানা দাবী কৰে৷ দুয়োপক্ষৰ যুক্তি শুনাৰ পাছত আন্ধেৰী মেট্র’পলিটান মেজিষ্ট্রেট আৰ আৰ খানে কালিৰ দিনটোৰ বাবে ৰেহাই দিয়ে যদিও পৰৱর্তী শুনানিত সোঁশৰীৰে উপস্থিত থাকিবলৈ নির্দেশ দিয়ে৷ যদি উপস্থিত নাথাকে, তেতিয়া হ’লে গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিব বুলি সকীয়নি দিয়ে৷