বংগত শতাধিক আসন বিজেপিয়ে পালে ৰাজনীতি এৰিম

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ পশ্চিমবংগত শাসকীয় তৃণমূল কংগ্রেছ পুনৰবাৰ শাসনৰ গাদীত অধিষ্ঠিত হ’ব বুলি দাবী কৰিছে ৰাজনীতিৰ ৰণনীতি বিশেষজ্ঞ প্রশান্ত কিশোৰে৷ ইতিপূর্বে কেইবাবাৰো পশ্চিমবংগত তৃণমূল কংগ্রেছৰ চৰকাৰ হ’ব বুলি দাবী কৰা প্রশান্ত কিশোৰে ইণ্ডিয়া টুডে’ৰ সৈতে হোৱা সাক্ষাৎকাৰত পুনৰ টি এম চিয়ে পশ্চিমবংগত চৰকাৰ গঠন কৰিব বুলি মত ব্যক্ত কৰে৷ তদুপৰি প্রশান্ত কিশোৰে বংগত বিজেপি ক্ষমতালৈ আহিব নোৱাৰে বুলি দৃঢ়তাৰে মত ব্যক্ত কৰি কয় যে যদি বংগত বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰে, তেতিয়াহ’লে তেওঁ ৰাজনৈতিক ৰণনীতি বিশেষজ্ঞৰ পন্থা এৰিব আৰু নতুন পন্থাৰে জীৱন নির্বাহ কৰিব৷ কিশোৰে আনকি এইবুলিও কয় যে বংগত বিজেপিয়ে শতাধিক আসন পালে তেওঁ ৰাজনীতিৰ সৈতে জড়িত সকলো কার্যকলাপ এৰিব৷ তেওঁ কেতিয়াও ৰাজনৈতিক দলৰ সৈতে জড়িত হৈ প্রচাৰৰ কামত নিজকে জড়িত নকৰে বুলিও কয় প্রশান্ত কিশোৰে৷