দেশত ক’ৰোনাৰ দ্বিতীয় ঢৌঃ বাতিল CBSE ৰ দশম শ্রেণীৰ পৰীক্ষা; পিছুৱাই দিয়া হ’ল দ্বাদশ শ্ৰেণীৰ পৰীক্ষাও

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ দেশজুৰি বৃদ্ধি পাইছে ক’ৰোনাৰ প্রকোপ। ১১ ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে এই ভাইৰাছৰ সংক্রমণে। যাৰ পাছতেও বুধবাৰে ছাত্র-ছাত্রীৰ পৰীক্ষাক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্রই।

CBSE ৰ  দশম শ্ৰেণীৰ পৰীক্ষা ভয়ানক ক’ৰোনা পৰিস্থিতিত বাতিল কৰা হৈছে। লগতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাও পিছুৱাই দিয়া হৈছে।

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন উচ্চ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকৰ পিছত, ব’ৰ্ডে অবজেকটিভ ক্রাইটেৰিয়াৰ উপৰত ভিত্তি কৰি দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হ’ব বুলি জনোৱা হৈছিল। লগতে দেশৰ ক’ৰোনাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী সময়ত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ওপৰত সিদ্ধান্ত লোৱা হ’ব।