বলীউডৰ ড্ৰাগছ বিতৰ্কঃ এইবাৰ জয়া বচ্চন বনাম কংগনা ৰানাৱট

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ   সংসদৰ বৰ্ষাকালনীন অধিৱেশন আৰম্ভ হৈছে। বলিউডত ড্ৰাগছ আসক্তিক লৈ বিজেপিৰ সাংসদ অভিনেতা ৰবি কিষাণে সংসদত কেতবোৰ অভিযোগ উত্থাপন কৰিছিল। সেই সন্দৰ্ভত সাংসদ তথা অভিনেত্ৰী জয়া বচ্চনে তীব্ৰ সমালোচনা কৰে। জয়া বচ্চনে সংসদত কয় যে মাত্ৰ কেইজন মান লোকৰ বাবে সমগ্ৰ উদ্যোগটোক বদনাম কৰিব নোৱাৰি। বিজেপি সাংসদক কটাক্ষ কৰি  জয়া বচ্চনে কয় যে যি পাত্ৰত খাই সেই পাত্ৰ লেতেৰা বুলি কোৱাৰ অধিকাৰ অধিকাৰ নাই সেইসকলৰ।

আনহাতে জয়া বচ্চনক এই সন্দৰ্ভত উভতি ধৰিছে অভিনেত্ৰী কংগনা ৰাণাৱটে। কংগনাই টুইটত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে জয়া জী যদি মোৰ পৰিৱৰ্তে যদি আপোনাৰ জীয়াৰী স্বেতাক মাৰপিট কৰিলেহেতন, ড্ৰাগছ দিয়া হ’লহেঁতেন শ্লীলতা হানি কৰা হ’লহেঁতেন, তেতিয়াও আপুনি একে কথা ক’লেহেঁতেন নে? যদি অভিষেকে ভাবুকি দিয়া মাৰপিট কৰাৰ অভিযোগ কৰিলেহেঁতেন আৰু ডিঙিত চিপ জৰী লগোৱা অৱস্থাত উদ্ধাৰ হলহেঁতেন তেতিয়াও আপুনি একেই কথা কলেহেঁতেন নে? আমাৰ প্ৰতিও সহমৰ্মিতা দেখুৱাওক।