ৰাছিয়াই দিলে বিশ্ববাসীক ভাল খবৰঃ ছিংগল ড’জ কভিড ভেকচিন স্পুটনিক ভি লাইট প্ৰতিটো সংক্ৰমণত উপকাৰী

নিয়মীয়া বাৰ্তা ৭ মেঃ কৰোনাৰ সংহাৰ অব্যাহত আছে দেশজুৰি। প্ৰতিদিনেই লাখ লাখ লোক কভিডত আক্ৰান্ত হৈছে। ইয়াৰ সমান্তৰালকৈ ভেকচিন দিয়া প্ৰক্ৰিয়াও অব্যাহত আছে। বৰ্তমান প্ৰক্ৰিয়াত ভেকচিনৰ দুটা ডজ দি থকা হৈছে। কিন্তু ইয়াৰ মাজতে ৰাছিয়াই পুনৰ বিশ্ববাসীক এক ভাল খবৰ দিছে।

ৰাছিয়াই কৰোনাৰ বিৰোধে এটা ছিংগল ড’জৰ স্পুটনিক ভিৰ লাইট ৰ ব্যৱহাৰৰ বাবে অনুমতি দিছে। এইটো ভেকচিনৰ এইটো বিশেষত্ব যে ই কৰোনাৰ প্ৰতিটো সংক্ৰমণতেই উপকাৰী হিচাপে বিবেচিত হ’ব। Russian Direct Investment Fund যে এই কথা জানিবলৈ দিছে। এই ভেকচিনে এই কেইখন দেশক লাভাম্বিত কৰিব য’ত কভিডৰ দ্বিতীয় লহৰে তীব্ৰ কালৰূপ ধাৰণ কৰিছে।

স্পুটনিক লাইট ভেকচিনৰ ড’জ যি সকলক দিয়া হৈছে য’ত ৯১.৭ শতাংশ লোকৰ ভেকচিন লগোৱাৰ ২৮ দিনৰ পিছত ভাইৰাছক প্ৰতিহত কৰাৰ এণ্টিবডী বিকশিত হৈছিল। আনহাতে ৯৬.৯ শতাংশ লোকৰ এণ্টি-বডী আইজিজি এণ্টি-পেচিফিক বিকশিত হৈছিল।

স্পুটনিক ভিৰ লাইট মস্কোৰ গামেলিয়া ইনস্টিটিউটে নিৰ্মাণ কৰিছে।