ভাৰতত ক’ভিড মহামাৰীৰ দ্বিতীয় জোৱাৰত ৪৯ লাখৰ মৃত্যু!

নিয়মীয়া বাৰ্তা ২২ জুলাইঃ ভাৰতত ক’ভিড মহামাৰীৰ দ্বিতীয় জোৱাৰত ৪৫ লক্ষাধিক লোকৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে চেণ্টাৰ ফৰ গ্ল’বেল ডেভ’লপমেণ্টে৷ সংস্থাটোৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি চলিত বর্ষৰ জুনৰ শেষলৈকে ভাৰতত ক’ভিডত প্রাণ হেৰুওৱা লোকৰ সংখ্যাই চাৰি লাখ অতিক্রম কৰা বুলি চৰকাৰে ঘোষণা কৰিছে যদিও ১৯৪৭ৰ দেশ বিভাজনৰ সময়ৰ ট্রেজেডীতকৈ ভয়াৱহ বিপর্যয়ৰ ঘটাইছে মহামাৰীয়ে৷ ৱাশ্বিংটনস্থিত সংস্থাটোৱে যুগুতোৱা প্রতিবেদন অনুসৰি ভাৰতত ক’ভিডত কমপক্ষেও ৪৯ লাখ লোকৰ মৃত্যু হৈছে৷

লক্ষণীয়ভাৱে চেণ্টাৰ ফৰ গ্ল’বেল ডেভেলপমেণ্টৰ হৈ এই প্রতিবেদন যুগুতাইছে দেশৰ প্রাক্তন মুখ্য অর্থনৈতিক উপদেষ্টা অৰবিন্দ সুব্রমণিয়ামে৷ সুব্রমণিয়মৰ এই কার্যত সহায় কৰিছে হার্ভার্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক অভিষেক আনন্দ আৰু জাষ্টিন ছেণ্ডেফুৰে৷ এই প্রতিবেদন অনুসৰি ক’ভিডৰ প্রথম জোৱাৰতে ভাৰতত ২০ লাখ লোকে প্রাণ হেৰুৱাইছে৷ কাৰণ প্রথম জোৱাৰৰ মোকাবিলা কৰিবলৈ ভাৰতে সময় পোৱা নাছিল৷ কিন্তু চৰকাৰে এই তথ্যবোৰ গোপন কৰা বুলি সন্দেহ কৰিছে সংস্থাটোৱে৷