শ্বুটিংথলীত অসুস্থঃ দীপিকা পাডুকনক চিকিৎসালয়লৈ প্ৰেৰণ

বিশেষ বাৰ্তা, ১৫ জুনঃ হায়দৰাবাদত তেওঁৰ আগন্তুক ছবি প্ৰজেক্ট কেৰ শ্বুটিঙত থকা দীপিকা পাডুকনক এখন ব্যক্তিগত চিকিৎসালয়লৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে। সূত্ৰ অনুসৰি, অভিনেত্ৰীগৰাকীৰ হঠাৎ হৃদস্পন্দন বৃদ্ধি পাইছিল আৰু অসুস্থ অনুভৱ কৰাত লগে লগে তেওঁক চহৰৰ কামিনেনি হাস্পতাললৈ লৈ যোৱা। অলপ সময়ৰ পিছতে দীপিকাৰ হৃদস্পন্দন স্থিৰ হোৱাত অমিতাভ বচ্চনৰ সৈতে শ্বুটিং কৰিবলৈ তেওঁ চেটলৈ উভতি আহে। প্ৰভাসৰ সৈতে দীপিকাৰ প্ৰথমখন ছবি প্ৰজেক্ট কে। ইয়াত অমিতাভ বচ্চনে এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। চলিত বৰ্ষৰ আৰম্ভণিতে গুৰু পূৰ্ণিমাৰ দিনা অমিতাভ বচ্চনে বহু প্ৰত্যাশিত প্ৰভাস অভিনীত ছবিখনৰ মুহুৰত শ্বট দিছিল।