দিল্লীত অনির্দিষ্টকালৰ বাবে বন্ধ ঘোষণা শিক্ষানুষ্ঠান

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ ভয়াৱহ বায়ু প্রদূষণৰ কবলত পৰা দিল্লীত ২৪ ঘণ্টাৰ ভিতৰতে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে প্রদূষণ প্রতিৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ এইক্ষেত্রত কাঢ়া নির্দেশ দিছে উচ্চতম ন্যায়ালয়ে৷ দিল্লী তথা ইয়াৰ প্রতিৱেশী ৰাজ্যসমূহৰ কাৰখানা তথা গাড়ীৰ পৰা সৃষ্টি হোৱা বায়ু প্রদূষণৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ বাবে উচ্চতম ন্যায়ালয়ে নির্দেশ দিয়াৰ পিছতে পুনৰ মুকলি কৰা বিদ্যালয় চাৰি দিনৰ পিছতে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত ল’লে দিল্লী চৰকাৰে৷ কাইলৈৰ পৰা দিল্লীত সকলো বিদ্যালয় অনির্দিষ্টকালৰ বাবে বন্ধ ঘোষণা কৰা হৈছে৷ দিল্লীৰ পৰিৱেশ মন্ত্রী গোপাল ৰায়ে উল্লেখ কৰে যে বায়ু প্রদূষণ কমাৰ পূর্বাভাস পোৱাৰ পিছত বিদ্যালয়সমূহ খোলা হৈছিল৷ কিন্তু প্রদূষণৰ মাত্রা বাঢ়ি যোৱাৰ লগে লগে বিদ্যালয়সমূহ পুনৰ বন্ধৰ সিদ্ধান্ত লোৱা হৈছে৷ পৰৱর্তী নির্দেশ নিদিয়াপর্যন্ত বিদ্যালয়সমূহ অনির্দিষ্টকাললৈ বন্ধ থাকিব বুলিও ঘোষণা কৰিছে মন্ত্রীগৰাকীয়ে৷