নিয়মীয়া বাৰ্তা, ১৩ মেঃ বহিঃবিশ্বৰ প্রাণীৰ অস্তিত্বক লৈ গৱেষণা–ধ্যয়ন চলি থকাৰ মাজতে মঙল গ্রহত বহিঃবিশ্বৰ প্রাণী তথা এলিয়েনৰ ঘৰৰ শিলত কটা দুৱাৰৰ সন্ধান লাভ কৰিছে নাছাই৷ ৰঙা গ্রহটিত প্রাণীকে ধৰি বিভিন্ন নতুন নতুন তথ্যৰ গৱেষণাৰ বাবে বাহৰ পাতি থকা নাছাৰ কিউৰি’ছিটী ৰ’ভাৰে শেহতীয়াভাৱে সংগ্রহ কৰা আলোকচিত্রত এলিয়েনৰ ঘৰৰ শিলত কটা দুৱাৰৰ সন্ধান পাইছে৷ প্রকাণ্ড শিল কাটি দুৱাৰখন নির্মাণ কৰাৰ ইংগিত আলোকচিত্রখনত স্পষ্ট হৈ পৰিছে৷ এই আলোকচিত্রখনে মঙল গ্রহত আন প্রাণীয়ে বসতি কৰাৰ সম্ভাৱনা প্রকট কৰি তুলিছে৷ নাছাৰ এই আলোকচিত্রখনে বিজ্ঞানী মহলৰ মাজত উৎসুকতা বৃদ্ধি কৰিছে৷
তথ্য মতে, নাছাৰ কিউৰি’ছিটী ৰ’ভাৰে মাষ্টাৰ কেমৰ জৰিয়তে যোৱা ৭ মে’ত এই আলোকচিত্রখন তুলিছিল৷ ক’লা–বগা ধৰণে তোলা এই ফটোখন পিছলৈ নাছাৰ বিজ্ঞানীয়ে ৰং কৰি নতুন ৰূপত সজাই তোলে৷ এই আলোকচিত্রখনৰ পুংখানুপুংখ অধ্যয়ন আৰু গৱেষণা চলাই নাছাৰ বিজ্ঞানীসকলে মঙল গ্রহত তেওঁলোকে চলাই থকা অধ্যয়নৰ পথ অর্থাৎ বহিঃবিশ্বৰ প্রাণীৰ সন্ধানৰ পথ সঠিক দিশে আগবঢ়াই নিছে বুলি দাবী কৰিছে৷ বিজ্ঞানীৰ মতে, এই দুৱাৰখন এলিয়েনে আহ–যাহ কৰাৰ বাবে ব্যৱহাৰ কৰা পথ৷ ই সুৰংগ নহয়৷ একাংশই ভূমিকম্পৰ ফলত শিলে এনে আকৃতি লোৱা বুলিও দাবী কৰিছে৷