মানুহৰ বাবে নহয় জীৱ-জন্তুৰ বাবে এখন ইক’ দলং

নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ এখন বিশেষ দলং, যিখন দলং চাবলৈ এতিয়া পৰ্যটকৰ সোঁত বৈছে। দলংখন ৯০ ফুট (২৭ মিটাৰ) দীঘল। কেৱল বাঁহ, পাত আৰু ঘাঁহৰ দ্বাৰা নিৰ্মিত এই দলংখন আছে নাইনিতালত। অঞ্চলটোত দলংখন পৰিচিত হৈছে ইক’ ব্ৰীজ হিচাপে।

ৰাজ্যখনত পথ অতিক্ৰম কৰোঁতে যাতে গাড়ীৰ খুন্দাত বন্য জন্তু নিহত নহয় তাৰ বাবে উক্ত ইক’ ব্ৰীজখন বনোৱা হৈছে । বনবিভাগৰ মতে বহুতো সৰীসৃপ আৰু আন বনৰীয়া জন্তু পৰ্যটকৰ গাড়ীৰ খুন্দাত মৃত্যু মুখত পৰে, যাৰ বাবে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। লগতে জীৱ-জন্তুৰ চলাচল নিৰীক্ষণ কৰিবলৈ সেতুৰ দুয়োফালে কেমেৰা সংযোগ কৰা হৈছে।

উল্লেখ্য যে দলংখন এতিয়া পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে আৰু বহু পৰ্যটকে ছেলফি উঠিবলৈ হেতাওপৰা লগাইছে।