হাৰিয়ানা হৈ দিল্লী পোৱা কৃষক সমদলক বাধা আৰক্ষীৰ, প্ৰবল উত্তেজনা দিল্লী সীমান্তত

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ পঞ্জাবৰ পৰা অহা কৃষক সমদল আহি পাইছে ৰাজধানী চহৰ দিল্লী। সকলো বাধা আঁতৰাই প্ৰতিবাদী কৃষকসকল অৱশেষত দিল্লী আহি পোৱাত দিল্লী আৰক্ষীয়ে বাধা প্ৰদান কৰিছে। বাধা প্ৰদানৰ লগতে দিল্লী আৰক্ষীয়ে ৰাজধানীস্থিত ষ্টেডিয়ামখন অস্থায়ী কাৰাগাৰ হিচাপে ব্যৱহাৰৰ অনুমতি বিচাৰিছে চৰকাৰৰ পৰা।

আম আদমী পাৰ্টীৰ মুখপাত্ৰ ৰাঘৱ চড্ডাই এই সম্পৰ্কে মত ব্যক্ত কৰি কয় যে ৰাজ্য চৰকাৰে দিল্লী আৰক্ষীৰ অস্থায়ী কাৰাগাৰ গঠনৰ আবেদন নাকচ কৰিব লাগে। কিয়নো কৃষকসকলে তেওঁলোকৰ অধিকাৰৰ সাব্যস্ত কৰাৰ বাবেহে প্ৰতিবাদী সমদল উলিয়াইছে, তেওঁলোক সন্ত্ৰাবাদী নহয়।

উল্লেখ্য নতুন কৃষি আইনক লৈ চলি থকা কৃষক আন্দোলনৰ এক অংশ হিচাপে দেশৰ ছখন ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ, হাৰিয়ানা, উত্তৰাখণ্ড, ৰাজস্থান, কেৰালা আৰু পঞ্জাবৰ কৃষক সমাজ হাৰিয়ানাৰ মাজেৰে দিল্লীলৈ আহিছে। কালি নিশাৰ ভিতৰত কৃষকসকলে পানিপথত উপস্থিত হৈছিল আৰু এতিয়া উপস্থিত হৈছে দিল্লী আৰু হাৰিয়ানাৰ সীমান্তত। সীমান্তত দিল্লী আৰক্ষীৰ প্ৰবল বাধাৰ সন্মুখীন হৈছে প্ৰতিবাদী সমদলটো।

দিল্লী আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক বাধা প্ৰদানৰ বাবে ১০খন ঠাইত বেৰিকেড সাজু কৰি ৰাখিছে। ক্ৰমশঃ উত্তেজনাময় পৰ্যায়লৈ গমন কৰিছে পৰিস্থিতি। দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে কথা পাতিবলৈ বদ্ধপৰিকৰ হৈ থকা কৃষকৰ সৈতে ৩ ডিচেম্বৰত আলোচনা কৰা হ’ব বুলি কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ঘোষণা কৰিছে যদিও মানি লোৱা নাই কৃষকসকলে।